BELONGING:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:প্রাক্তন কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ বহু প্রত্যাশিত স্মৃতিকথা প্রকাশ নকৰাৰ সিদ্ধান্ত লৈছে পেংগুইন ৰেণ্ডম হাউছ ইণ্ডিয়া প্রকাশন গোষ্ঠীয়ে। ‘বিল’ংগিং: এ জার্নি অৱ লাভ’ শীর্ষক ছোনিয়াৰ স্মৃতিকথা বিখ্যাত প্রকাশন গোষ্ঠীটোৱে প্রকাশ নকৰাৰ সিদ্ধান্ত গ্রহণে অনেকক আশাহত কৰিছে।
সূত্রই প্ৰকাশ কৰা অনুসৰি গ্ৰন্থখনত সম্পাদনাৰ কেঁচী চলাবলৈ লেখিকাই অনুমতি নিদিয়া বাবেই পিছুৱাই আহিছে পেংগুইন। অৱশ্যে পেংগুইন আঁতৰি যোৱাৰ পাছত ছোনিয়াৰ এই স্মৃতিকথা প্রকাশৰ বাবে অনেক বিশ্ববিখ্যাত প্রকাশন গোষ্ঠী আগবাঢ়ি আহিছে। এইসমূহ প্ৰকাশন গোষ্ঠীৰ অন্যতম হ’ল হার্পাৰ ক’লিন্স। চর্চা হোৱা অনুসৰি গ্ৰন্থখন প্রকাশ আৰু ভাৰতত বিতৰণৰ বাবে চুক্তিবদ্ধ হোৱাৰ শেষ পর্যায়ত উপনীত হৈছে হার্পাৰ ক’লিন্স।
উল্লেখ্য যে অহা ১০ নৱেম্বৰত পেংগুইন ৰেণ্ডম হাউছে ছোনিয়াৰ এই গ্রন্থ মুকলি কৰাৰ কথা আছিল। এই কথা স্বয়ং প্রশাসন গোষ্ঠীটোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শাখা আলফ্রেড এ নফে ঘোষণা কৰিছিল। ছোনিয়াৰ হৈ পেংগুইনৰ স’তে যোগাযোগ কৰিছিল ডেভিড গ’ডবিনে। ইতিমধ্যে ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে বুলি স্পষ্ট কৰি দিছে পেংগুইনে। এই সম্পর্কত প্রতিষ্ঠানটোৱে কয়, ‘বাতৰি প্ৰচাৰ হোৱাৰ ধৰণে সম্পাদনাৰ কেঁচী চলাবলৈ নিদিয়াৰ বাবে ছোনিয়াৰ গ্ৰন্থখন প্রকাশ নকৰাৰ সিদ্ধান্তই সম্পূর্ণৰূপত পৰিস্থিতিক প্রতিফলিত কৰা নাই। প্রকাশক ৰূপে কোনো গ্রন্থত সন্নিবিষ্ট তথ্যৰ ভুল-শুদ্ধৰ বিচাৰ কাৰ্য পেংগুইন ৰেণ্ডম হাউছৰ অধিকাৰ আৰু দায়িত্ব।’
উল্লেখ্য যে কংগ্রেছ নেত্রী ছোনিয়াই পূর্বেও কিছু সংখ্যক গ্রন্থ ৰচনা আৰু সম্পাদনা কৰিছে। অৱশ্যে তেওঁৰ শেহতীয়া এই গ্রন্থত জীৱনৰ সম্পূর্ণৰূপে ব্যক্তিগত বহু কথা আছে বুলি তেওঁৰ ঘনিষ্ঠসকলে প্রকাশ কৰিছে। ন’ফেও কয়, ‘বিশ্বৰ সবাতোকৈ প্রখ্যাত নেত্ৰীসকলৰ অন্যতম ছোনিয়াৰ এই গ্রন্থত প্রেম, পৰিয়াল আৰু অন্তহীনভাৱে মুগ্ধকৰ দেশ ভাৰত সম্পর্কে চহকী বর্ণনা আছে।’ একেদৰে ছোনিয়াই কয়, ‘মোৰ পৰিয়ালৰ বিষয়ে বহু কথাই লিখা হৈছে। কিন্তু একেবাৰে সামান্য সংখ্যক কথাহে সত্যৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। মই সাক্ষী হোৱা ছয় দশকৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনসমূহৰ সম্পৰ্কে এক সুকীয়া দৃষ্টিভংগী মোৰ এই কাহিনীয়ে পঢ়ুৱৈক দিব।’
উল্লেখ্য যে ভাৰতীয় সেনাৰ প্ৰাক্তন মুৰব্বী জেনেৰেল এম এম নাৰাৱানেৰ অপ্রকাশিত স্মৃতিকথা ‘ফ’ৰ অৰ্ছ অৱ ডেষ্টিনী’ প্রকাশৰো দায়িত্বত আছে পেংগুইন ৰেণ্ডম হাউছ ইণ্ডিয়া। অৱশ্যে চলিত বছৰৰ আৰম্ভণিতে প্রশাসন গোষ্ঠীটোৱে ঘোষণা কৰে যে নাৰাৱানেৰ এই স্মৃতিকথা প্ৰকাশ কৰা নাই। তৎসত্ত্বেও গ্ৰন্থখনৰ এটা কম্পিউটাৰ কপি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সংসদতে প্রদর্শন কৰি মোদী চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰিছিল। গ্রন্থখনত গালৱানত ভাৰত-চীনৰ সৈন্যৰ সংঘাত আৰু অগ্নিপথ আঁচনিক লৈও নাৰাৱানেৰ মতামত থকা বুলি চর্চা হৈ আহিছে।






























