Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    তেজপুৰৰ পদুম পুখুৰীৰ সৌন্দর্যবর্ধনৰ সাত কোটিৰ আঁচনি ৰূপায়ণতো দুর্নীতি

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নাম কটা যাব ৯৮ বছৰীয়া আদৱানীৰ!

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    নেপালৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ১০ হেজাৰৰো অধিকলৈ বৃদ্ধিৰ আশংকা

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

publisher by publisher
September 3, 2026
in Assam, News
Reading Time: 1 min read
0
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : কাগজে-কলমে ৰাষ্ট্ৰীয় ঘাইপথৰ দৈনন্দিন চোৱা-চিতা কৰাবুলি দাবী কৰা হৈ আহিছে যদিও বাস্তৱৰ ছবিখন সম্পূর্ণ ভিন্ন। ‘দৈনিক অগ্রদূত’ৰ ক্ষেত্ৰভিত্তিক অধ্যয়নত ফাদিল হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্রাধিকৰণ (এনএইছএআই)ৰ দায়িত্বজ্ঞানহীন আচৰণ।

ADVERTISEMENT

অভিযোগ অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা দৈনন্দিন চোৱা-চিতাৰ বাবে এনএইছএআই কর্তৃপক্ষ দায়বদ্ধ যদিও যোৱা দুমাহে ৰাইজে কোনো বিষয়াক ক্ষেত্র পরিদর্শন কৰিবলৈ অহা দেখা নাই বুলি অভিযোগ কৰে। প্ৰাধিকৰণৰ প্ৰকল্প ৰূপায়ণ গোটৰ সঞ্চালকৰ বিৰুদ্ধে স্থানীয় ৰাইজে অভিযোগ কৰে। এই ক্ষেত্ৰত তেওঁৰ মতামত জানিবলৈ ‘দৈনিক অগ্রদূত’ৰ তৰফৰ পৰা যোগাযোগ কৰা হয় যদিও ব্যস্ততাৰ অভিযোগ দেখুৱাই তেওঁ কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে।

চূড়ান্ত কাণ্ডজ্ঞানহীনতা: ৰাইজ মৰি থাকক কাৰো গুৰুত্ব নাই

বৃহত্তৰ ক্ষেত্ৰী-সোণাপুৰৰ স্থানীয় বুদ্ধিজীৱী, সচেতন নাগৰিক আৰু দল-সংগঠনৰ নেতৃত্বই ‘দৈনিক অগ্রদূত’ক জনোৱা মতে এনএইছএআইৰ প্ৰকল্প ৰূপায়ণ গোটৰ সঞ্চালক অভিশেষে যোগদান কৰা দুমাহ পাৰ হৈ গ’ল যদিও বিগত দুমাহে এবাৰো ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ অহা নাই। স্থানীয় ৰাইজে লগতে অভিযোগ কৰে যে প্ৰপ্রকল্প সঞ্চালক অভিশেষে ক্ষেত্র অধ্যয়নৰ কৰ্তব্যলৈ পিঠি দিয়াই নহয় ৰাইজৰ অভিযোগক আওকাণ কৰি আহিছে।

স্থানীয় ৰাইজৰ ক্ষোভ, ‘প্রকল্প সঞ্চালকগৰাকীৰ চূডান্ত মইমতালি আৰু দায়িত্বজ্ঞানহীনতাৰ ফলতেই শেহতীয়া দুর্ঘটনা সংঘটিত হ’বলৈ সুযোগ পালে।’ নিজৰ দায়িত্বজ্ঞানহীনতাক ঢাকি ৰাখিবলৈ প্রকল্প সঞ্চালক অভিশেষে কেইগৰাকীমান তলতীয়া কৰ্মচাৰীক নিলম্বন কৰি নির্লজ্জভাবে মিছা অহংকাৰ প্ৰদৰ্শন কৰিছে বুলিও স্থানীয় লোকে ‘দৈনিক অগ্রদূত’ৰ আগত ক্ষোভ প্রকাশ কৰে।

ইপিনে, প্ৰাধিকৰণৰ দিছপুৰস্থিত আঞ্চলিক কার্যালয়ৰ এক উৎসই ‘দৈনিক অগ্রদূত’ক কয়, ‘অনাকাংক্ষিত দুর্ঘটনাৰ পৰৱৰ্তী সময়ত অতি ক্ষিপ্ৰতাৰে মেৰামতিৰ কাম হাতত লোৱা হৈছে। ইতিমধ্যে দায়িত্ব পালন কৰাত গাফিলতি কৰা বিষয়াক দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছে। সম্প্ৰতি ঘাইপথ মেৰামতিৰ সমান্তৰালকৈ স্থানীয় দল-সংগঠন আৰু সচেতন নাগৰিকৰ অভাৱ-অভিযোগসমূহ বাস্তৱ ৰূপ দিয়াৰ অৰ্থে প্ৰাধিকৰণৰ ঊর্ধ্বতন কর্তৃপক্ষ, স্থানীয় প্রশাসনৰ প্রত্যক্ষ সহযোগত ধাৰাবাহিকভাবে আলোচনাত মিলিত হৈছে।’

বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিৰ সভাপতি ৰত্নেশ্বৰ ৰংহাঙে কয় যে সম্প্রতি ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহত্তৰ সোণাপুৰ অঞ্চলৰ তপাটলি, ডিগাৰু, যোগদল, ডিমৰীয়া, পাটৰকুছি আৰু জুবিন ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি যোৰাবাট, নমাইল, গণেশ মন্দিৰ আৰু খানাপাৰালৈ সেই দীঘলীয়া পথছোৱাৰ কোনো এটা অংশই যাতায়াতৰ বাবে উপযোগী আৰু সুৰক্ষিত নহয়।

প্ৰাধিকৰণৰ অমনোযোগিতাৰ প্ৰসংগ উল্লেখ কৰি ৰংহাঙে কয়, ‘সৰু-ডাঙৰ বুলি কথা নাই, সকলো ধৰণৰ বাহনৰ বাবে সেই পথছোৱা এতিয়া সুৰক্ষিত নহয়। প্রতি মুহূৰ্ততে দুর্ঘটনাৰ আশংকা থাকে। দৰাচলতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিয়মাৱলী অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কোনো অংশৰ অৱক্ষয় হ’লে ৪৮ ঘণ্টাৰ ভিতৰত টোলগেট পৰিচালনাৰ দায়িত্বত থকা ঠিকাদাৰী প্রতিষ্ঠানে মেৰামতি কৰিব লাগে।’

ৰংহাঙে পুনৰ কয়, ‘পথছোৱা কি অৱস্থাত আছে তাৰ প্ৰতি এনএইছএআই-এ ২৪ ঘণ্টাই দৃষ্টি দিব লাগে। কাৰণ প্রতি মিনিটত ৰাইজে তাৰ বাবে কৰ ভৰি আহিছে, কিন্তু দুর্ভাগ্যৰ কথাটো হ’ল ঘাইপথ প্ৰাধিকৰণ, স্থানীয় প্রশাসন আৰু ঠিকাদাৰী প্রতিষ্ঠান, কোনো এটাই এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্রদান নকৰে। ৰাইজে যি কয় কৈ থাকক, কোন মৰে মৰি থাকক ধৰণৰ আচৰণক আমি তীব্র ভাষাৰে গৰিহণা দিছো।’

প্রতি বছৰে বাৰিষা কালত স্বাভাবিক কাৰণত ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষয়-ক্ষতিৰ পৰিমাণ বেছি হয়েই বুলি দাবী কৰি ৰংহাঙে কয় যে কেৱল এই বছৰতে মানুহৰ মৃত্যু হৈছে, পথৰ দুৰৱস্থা হৈছে তেনে নহয়। এয়া প্রতি বছৰৰ অভিজ্ঞতা। তৎসত্ত্বেও কাৰো সংস্কাৰ নাই, কর্তৃপক্ষৰ সংশোধন নাই। আগতীয়া প্রস্তুতি বা সতর্কতা নাই। কেৱল বহি বহি ৰাইজৰ কৰ লাগে। মেৰামতিৰ নামটো ভেকোভাওনা চলি আহিছে বুলি ক্ষোভ প্রকাশ কৰি ৰত্নেশ্বৰ ৰংহাঙে লগতে কয়, ‘কেতিয়াবা ৰাইজৰ ক্ষোভত নতশিৰ হৈ মেৰামতি কৰা প্ৰদৰ্শন কৰে যদিও বৃহৎ বৃহৎ গাঁতত কিছু পৰিমাণে বিতুমিন মিলাই শিল-বালি ঢালিয়েই দায়িত্ব সামৰে। এতেকে এজাক বৰষুণ দিলেই শিল-বালি ওলাই লৰ মাৰে আৰু দুৰ্ঘটনাৰ দৰে পৰিৱেশলৈ ঠেলি দিয়ে। এয়া চূডান্ত কাণ্ডজ্ঞানহীনতা।’

তেওঁ কয়, ‘শেহতীয়া দুৰ্ঘটনাৰ পাঁচ মাহ পূর্বেই ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা সন্দৰ্ভত আমি বিস্তৃত প্রতিবেদন যুগুতাই লিখিতভাবে জিলা প্রশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দৃষ্টিগোচৰ কৰিছিলো, সংশ্লিষ্ট সকলো কর্তৃপক্ষলৈ আমি আনুষ্ঠানিকভাৱে স্মাৰকপত্র প্রদান কৰিছিলো যদিও কোনোৱেই গুৰুত্ব নিদিলে আৰু সঠিক সময়ত কাৰোৱেই গা নলৰিল।’

কেৱল ৰাষ্ট্ৰীয় ঘাইপথে নহয়, ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন ছাৰ্ভিচ ৰোডসমূহৰ অৱস্থাও অতি সংকটজনক। কিন্তু পুনর্নির্মাণৰ কোনো ব্যৱস্থা নাই। ঠিকাদাৰী প্ৰতিষ্ঠানৰ লগত স্থানীয় প্রশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অসাধু মিতিৰালিৰ বাবেই এনে বৃহৎ ক্ষতিকাৰক দুর্ঘটনা সংঘটিতহয় বুলি ৰংহাঙে অভিযোগ কৰে। ইয়াত লুকুৱাবলগীয়া একো নাই বুলিও ৰংহাঙে লগতে ‘দৈনিক অগ্রদূত’ৰ আগত কয়। ৰাজ্য চৰকাৰৰ পাঁচ লাখ টকা ক্ষতিপূৰণ সন্দৰ্ভত ৰংহাঙে কয় যে এশ-এবুৰি গাফিলতি, দায়িত্বজ্ঞানহীনতাৰে ৰাইজৰ কৰ ভোগ কৰা ঘাইপথ প্ৰাধিকৰণ আৰু ঠিকাদাৰী প্রতিষ্ঠানে ক্ষতিপূৰণ দিয়াৰ সময়ত কিয় পলাই পত্রং দিছে?

টোল কৰ সংগ্ৰহতে ব্যস্ত, আমাক প্ৰতাৰণা কৰা হৈছে: দয়ালি দেউৰী

তিৱা মহিলা পৰিষদৰ কেন্দ্ৰীয় সম্পাদিকা দয়ালি দেউৰীয়ে অভিযোগ কৰে যে মহানগৰীৰ ক্ষেত্ৰীৰ নলগেদ্ৰাত ৰাষ্ট্ৰীয় ঘাইপথত শোকারহ দুর্ঘটনাত আঠজন লোকৰ মৃত্যুৰ ঘটনাই ৰাজ্যক জোঁকাৰি যোৱাৰ পাছতো সাধাৰণ নাগৰিকৰ নিৰাপত্তাৰ প্ৰতি দায়বদ্ধতা প্রকাশ কৰা নাই এনএইছএআই-এ। উল্লেখ্য যে ‘ঘটনাৰ পাছত স্থানীয় ৰাইজৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ বৃহৎ গাঁত মেৰামতি কৰিবলৈ প্রতিবাদ অব্যাহত ৰখাৰ সময়তে সামান্য গুৰুত্ব আৰোপ নকৰি ঘাইপথ প্ৰাধিকৰণে টোল কৰ সংগ্ৰহ কৰাতে ব্যস্ত আছে।

প্রতিবাদী ৰাইজে ক্ষেত্ৰীৰ পৰা ৰহালৈ পথছোৱা মেৰামতি নকৰা পর্যন্ত টোল সংগ্ৰহ কৰিব নালাগে বুলি দাবী জনাই আন্দোলন কৰে যদিও ব্যাপক নিৰাপত্তাৰ মাজেৰে নাজিৰাখাত টোলগেটত কৰ সংগ্ৰহ অব্যাহত আছে। সম্প্রতি বৃহৎ সংখ্যক অর্ধ-সামৰিক বাহিনী নিয়োগ কৰা হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে টোল কৰ সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত থকাত স্থানীয় ৰাইজে তীব্র প্রতিক্রিয়া ব্যক্ত কৰে।

দেউৰীয়ে কয়, ‘যোৱা ৩১ আগষ্টত স্থানীয় দল-সংগঠনৰ স’তে কামৰূপ মহানগৰ জিলা আৰক্ষী আয়ুক্ত কার্যালয়ৰ সভাকক্ষত এখন সভাত ডিমৰীয়া সমষ্টিৰ বিধায়ক তপন দাস, সাংসদ, এনএইছএআই আৰু জিলা প্রশাসনৰ বিষয়ববীয়াৰ উপস্থিতিত অহা সাত দিনৰ ভিতৰত মেৰামতি সম্পূৰ্ণ কৰাৰ লগতে এই সময়ছোৱাত কোনো ধৰণৰ টোল কৰ সংগ্রহ নকৰে বুলি আমাক প্রতিশ্রুতি দিছিল। স্থানীয় ৰাইজৰ এই দাবীক আওকাণ কৰি সেই নিশাই প্রায় ১০ বজাৰ পৰা পুনৰ টোল কৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। তেওঁ পুনৰ ‘দৈনিক অগ্রদূত’ক কয়, ‘বৈঠকত জিলা প্রশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই সাত দিনৰ ভিতৰত ঘাইপথ মেৰামতি কৰা হ’ব আৰু উক্ত সাত দিনত কোনো ধৰণৰ টোল মাচুল সংগ্ৰহ কৰা নহ’ব বুলি প্রতিশ্রুতি দিয়াত আমি ঘৰাঘৰি হৈছিলো। কিন্তু আশ্চর্যজনকভাৱে বৈঠকৰ দিনাই ৰাতি ১০ বাজি ৩০ মিনিটত টোল গেটত মাচুল সংগ্ৰহৰ প্ৰক্ৰিয়া পূৰ্বৰ দৰেই আৰম্ভ কৰে। এনে মিথ্যাচাৰ আৰু বিশ্বাসঘাতকতা ঐতিহাসিক, দুর্ভাগ্যজনক আৰু চূড়ান্ত লজ্জাজনক।’

তিৱা মহিলা পৰিষদৰ নেত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰে যে বৈঠক সমাপ্ত হোৱাৰ পিছ মুহূৰ্তৰ পৰাই প্রশাসনে টোল গেটত বৃহৎ অর্ধ সামৰিক বাহিনী নিযুক্তি দি এক প্রকাৰ সন্ত্ৰাসৰ পৰিৱেশত মাচুল সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। তেওঁ কয়, ‘ইয়াৰ অৰ্থ স্পষ্ট, চৰকাৰে কোনো ধৰণৰ প্ৰতিশ্রুতি পালন নকৰে আৰু ক্ষতিপূৰণৰ নামত মাত্র কেইটামান টকা দিয়েই দায়িত্ব সামৰিব।’ এইদৰে ক্ষোভ প্রকাশ কৰি তিৱা নেত্ৰীগৰাকীয়ে প্রশ্ন কৰে যে আকৌ সাধাৰণ যাত্ৰীৰ অকাল মৃত্যু হওক এয়াই চৰকাৰৰ উদ্দেশ্য নেকি। দেউৰীয়ে লগতে কয়, ‘এয়া আচলতে ৰাষ্ট্ৰীয় ঘাইপথ নে মৰণ ফান্দ? আমি আচৰিত হৈছো যে অসমৰ মন্ত্ৰী, বিধায়ক, সাংসদসকল বছৰটোৰ ৩৬৫ দিনেই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পৰিভ্ৰমণ কৰি ফুৰে। তেনেস্থলত ঘাইপথৰ দুৰৱস্থা হৈছে বুলি সাধাৰণ নাগৰিকেহে সংশ্লিষ্ট কর্তৃপক্ষক বাৰম্বাৰ দৃষ্টিগোচৰ কৰিব লাগে কিয়?’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #NHAI #NationalHighway #NH27 #HighwaySafety #RoadSafety #RoadCondition #Potholes #DangerousRoads #HighwayMaintenance #RoadMaintenance #TollGate #TollTax #TollCollection #TollTaxProtest #RoadAccident
publisher

publisher

Related Posts

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে
International

জাপানত শতবর্ষ অতিক্রম কৰিলে লক্ষাধিকে

September 21, 2026
চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই
News

চন্দ্ৰৰ বুকুত দুখন ফুটবল খেলপথাৰৰ সমান গাঁত বিচাৰি পালে নাছাই

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d