দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ভাৰত চৰকাৰৰ সমৰ্থনতে ৰাষ্ট্ৰসংঘই শেহতীয়াভাৱে প্রকাশ কৰা বিশ্বৰ নতুন মানচিত্রত অৰুণাচল প্ৰদেশ আৰু আকচাই চীনক দুখন সুকীয়া ৰাষ্ট্ৰৰূপে অংকন কৰা হৈছে।
এই মানচিত্রত দেখা গৈছে যে অৰুণাচল প্রদেশক অসম সীমান্তৱৰ্তী এখন ৰাষ্ট্ৰৰূপে অংকন কৰা হৈছে। একেদৰে লাডাখৰ অংশ আকচাই চীনক আন এখন স্বতন্ত্র ৰাষ্ট্ৰৰূপে দেখুওৱা হৈছে। এই কাণ্ড কেনেদৰে সংঘটিত হ’বলৈ পালে তাকে লৈ বহুতে আশ্চর্য প্রকাশ কৰে।
ততোধিক লক্ষ্যণীয় দিশটো হ’ল যে এই মানচিত্ৰ ভাৰতৰ সমৰ্থনতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই অলপতে গৃহীত কৰে। মানচিত্ৰখনত নগালেণ্ডৰ স’তে অৰুণাচল প্রদেশৰ সীমাও নোহোৱা কৰা হৈছে।
একেদৰে চীন-ভাৰতৰ সীমাত আকচাই চীনক আন এখন স্বতন্ত্র ৰাষ্ট্ৰৰূপে অংকন কৰা হৈছে। অৱশ্যে বিশ্বৰ এই নতুন মানচিত্ৰত এনে পৰিৱৰ্তনৰ কাৰণ ৰাষ্ট্ৰসংঘই প্রকাশ কৰা নাই। মানচিত্ৰখনৰ আন এক ত্রুটি হৈছে নিয়ন্ত্রণ ৰেখা (এলঅ’চি)ই ভাৰত-পাকিস্তানৰ মাজত জম্মু-কাশ্মীৰক বিভাজন কৰা বুলি দেখুওৱা হৈছে।
উল্লেখ্য যে যোৱা সপ্তাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই আফ্ৰিকাৰ তগো ৰাষ্ট্ৰই উত্থাপন কৰা ‘মেপ শুদ্ধকৰণ’ প্রস্তাৱ গৃহীত কৰে। এই প্রস্তাবক লৈ হোৱা ভোটগ্রহণত ভাৰতেও প্ৰস্তাৱটোৰ সপক্ষে ভোটদান কৰে।
অৱশ্যে মানচিত্ৰখনৰ ত্রুটি পোহৰলৈ অহাৰ পাছত নতুন দিল্লীয়ে প্রতিক্রিয়া প্রকাশ কৰিছে যে আকচাই চীনসহ লাডাখ, জম্মু-কাশ্মীৰ আৰু অৰুণাচল প্রদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে, আছে আৰু থাকিব।































