দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: শেহতীয়া বিধানসভা নির্বাচনত অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীত বিজেপিয়ে ব্যয় কৰিছিল ১৪৭২.৮ কোটি টকা। দলে নির্বাচন আয়োগক দাখিল কৰা তথ্যত এয়া প্রকাশ পাইছে। অসম, তামিলনাডু আৰু পুডুচেৰীত হোৱা নিৰ্বাচনী ব্যয়ৰ হিচাপ নিকাচৰ দলে দাখিল কৰা তথ্যত প্রকাশ পোরা অনুসৰি এই তিনি ৰাজ্যৰ ভিতৰত অসমতে সর্বাধিক ব্যয় কৰে বিজেপিয়ে।
দলৰ কেন্দ্রীয় মুখ্য কাৰ্যালয়ৰ লগতে ৰাজ্য আৰু জিলা পৰ্যায়ৰ পৰাও অসমত মুঠ ৯৬.৩ কোটি ব্যয় কৰা হয়। ইয়াৰ পাছত তামিলনাডুত ৫১.৬ কোটি আৰু পুডুচেৰীত ১১.৯ কোটিকে ধৰি মুঠ ১৬০ কোটি তিনি ৰাজ্যৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ব্যয় কৰিছে।
অসমত ব্যয় কৰা মুঠ ধনৰ ভিতৰত ৭৬.৭৩ কোটি দলৰ প্ৰচাৰত ব্যয় কৰা হৈছে আৰু ১৯.৫৪ কোটি প্ৰাৰ্থীসকলক দিয়াৰ বাবদ আৰু অন্যান্য ব্যয়ত আদায় দিয়া হৈছে। তদুপৰি বিজ্ঞাপন আৰু তাৰকা প্ৰচাৰকৰ যাতায়াতৰ বাবে ক্রমে ৩৭ কোটি আৰু ২৭.৩ কোটি অসমত ব্যয় কৰা হয়।
তদুপৰি প্ৰচাৰ সামগ্ৰীৰ বাবদ ৮.৯ কোটি আৰু অন্যান্য খৰচৰ বাবদ ২.৩ কোটি ব্যয় কৰা হয়।ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ব্যয়ৰ পৰিমাণ অসমত ২২.৬২ কোটি টকা। ইপিনে, কেৰালাত কংগ্ৰেছৰ প্ৰচাৰ ব্যয় আছিল ৫৯.২৮ কোটি। ইয়াৰ পাছতে অসমতে দ্বিতীয় সর্বাধিক ব্যয় কৰিছে দলটোৱে।
অসমসহ তিনি ৰাজ্যত ব্যয় কৰা ১৬০ কোটিৰ ভিতৰত প্ৰায় ১৩০.৪ কোটি দলীয় প্ৰচাৰত ব্যয় কৰাৰ লগতে ২৯.৬ কোটি টকা লামচাম প্রার্থীসকল তথা তেওঁলোকৰ পূৰ্বৰ অপৰাধী কাৰ্যকলাপৰ বিজ্ঞাপন প্ৰকাশৰ বাবে দিয়া হয়। উল্লেখ্য যে পশ্চিমবংগ আৰু কেৰালাত হোৱা ব্যয়ৰ পৰিমাণ পৃথকে এতিয়ালৈ ৰাজহুৱা কৰা নাই নির্বাচন আয়োগে।
উল্লেখ্য যে তামিলনাডুত বিজেপিয়ে দলীয় প্ৰচাৰত ৪৪.৫ কোটি ব্যয় কৰে। সাত হেজাৰ কোটি প্রার্থীসকলক আদায় দিয়া হয়।




































