Kahuwaphool : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত ফুলিছে শুভ্র কঁহুৱা। হেজাৰ হেজাৰ বিঘা মাটিত ফুলি থকা কঁহুৱা ফুলৰ দৃষ্টিনন্দন শোভাই মোহিত কৰিছে সকলোকে। শুভ্র কঁহুৱাৰ সৌন্দৰ্যত বিভোৰ সকলো।
ADVERTISEMENT
এছাটি বতাহত হালিজালি নাচি থকা কঁহুৱাৰ নান্দনিক পৰিৱেশে মুগ্ধ কৰিছে বাটৰুৱাক। জীয়াভৰলী নদীৰ পাৰত থকা কন্যকা কৃষিপামৰ ভূমিতো দেখিবলৈ পোৱা হৈছে কঁহুৱাৰ দৃষ্টিনন্দন শোভা।
জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত যেনিয়েই চোৱা যায় সেইফালেই শুভ্র কঁহুৱা। আৰু এই কঁহুৱা ফুলেই দিছে এতিয়া সংগোপনে শাৰদী ৰাণী শৰৎ অহাৰ বতৰা।


































