RoadCondition : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : লোকনিৰ্মাণ বিভাগৰ নিশকতীয়া স্বৰূপ উদঙাইছে ৰহাৰ এটা অতি গুৰুত্বপূৰ্ণ পথে। লোকনিৰ্মাণ বিভাগৰ সুদৃষ্টিৰ আওতাৰ বাহিৰত থকা বাবে সুদীর্ঘকাল প্রয়োজনীয় মেৰামতিৰ অভাৱত মৰণফান্দত পৰিণত হোৱা এই গুৰুত্বপূৰ্ণ পথটো হ’ল ৰহাৰ চাপৰমুখৰ পৰা দিঘলীআটি ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী কৃষ্ণনগৰ পথ।
গুৰুত্বপূৰ্ণ পথটোৰ বিধ্বস্ত ৰূপে এতিয়া জীয়াতু ভুগাইছে হেজাৰ হেজাৰ স্থানীয় লোক, ছাত্র-ছাত্রীক। চকু থাকিও অন্ধ আৰু কাণ থাকিও কলাৰ ভাও ধৰা ৰহাৰ লোকনিৰ্মাণ বিভাগৰ অকর্মণ্যতাৰ বাবেই এতিয়া এইটো এটা পথ নহয়, যেন পুখুৰীহে হৈ পৰিছে।
দীর্ঘদিন ধৰি মেৰামতিৰ অভাৱত থকা এই পথটোৰ মাজে মাজে এতিয়া সৃষ্টি হৈছে প্রকাণ্ড প্রকাণ্ড গাঁতৰ। পথটোৰ মাজত সৃষ্টি হোৱা একাংশ গাঁত পুখুৰী সদৃশ হৈ পৰিছে। এতিয়া বৰষুণৰ বতৰত এই গাঁতত একাঁঠু পর্যন্ত পানী জমা হৈ মৰণফান্দৰ ৰূপ লৈছে।
যাৰ ফলত সংশ্লিষ্ট স্থানত দৈনিক সংঘটিত হৈ আহিছে ভয়াৱহ পথ দুর্ঘটনা; কিন্তু সৰ্বসাধাৰণৰ জীৱনক লৈ হেতালি খেলা ৰহাৰ লোকনিৰ্মাণ বিভাগৰ এই পথ মেৰামতিত নাই কোনো গুৰুত্ব। ফলত দৈনিক ই-ৰিক্সা বাগৰি স্কুলীয়া ছাত্র-ছাত্রী, অন্য লোকৰ লগতে মটৰ চাইকেল আৰোহীসকল ইয়াত পিছলি পৰি আঘাতপ্রাপ্ত হ’বলগীয়া হৈছে।
চৰকাৰে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ফটা ঢোল কোবোৱাৰ সময়তে বিভাগীয় কর্তৃপক্ষৰ এনে উদাসীন আৰু দায়িত্বহীন মনোভাৱৰ বিৰুদ্ধে এতিয়া তীব্র ক্ষোভ উজাৰিছে ভুক্তভোগী ৰাইজে। পথটোৰ মেৰামতি কৰি যাতায়াতৰ বাবে সূচল কৰি দিয়াৰ ক্ষেত্ৰত স্থানীয় বিধায়কজনে যি ধৰণৰ পদক্ষেপ গ্রহণ কৰিব লাগিছিল, তেনে পদক্ষেপ গ্রহণ কৰা নাই বুলিও ৰাইজে ক্ষোভ ব্যক্ত কৰিছে।



































