এই সময় অসমীয়াৰ বাবে দু:সময় | প্ৰথমবাৰৰ বাবে অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ বিহুটিক উদযাপন পৰা আঁতৰি থাকিব লাগিব | বিহুবলীয়া অসমীয়াই এইবাৰ ঘৰতে অনুষ্টুপীয়াকৈ ৰঙালী উদযাপন কৰিব লাগিব | মই অসমবাসীৰ ৰাইজলৈ ৰঙালীৰ মৰম আৰু শুভেচ্ছা যাঁচিলো | আমি কৰ’নাক পৰাস্ত কৰিব লাগিব | আহক সকলোৱে এইবাৰ ঘৰতে থাকি বিহু পালন কৰি সকলো সুৰক্ষিত হৈ থকাৰ চেষ্টা কৰো | মইও পৰিয়ালৰ লগতে বিহু উদযাপন কৰিম, আপোনালোকেও কৰক | অহা বাৰ আমি মহামিলনেৰে বিহু উদযাপন কৰিম | বিহু আহিলে প্ৰতিবাৰেই নচা হয় | কিন্তু এইবাৰ নাই | তলাবন্ধৰ কৰ্মব্যস্ততাৰ মাজতে কেতিয়াবা এপাক নাচি নিজৰ হেঁপাহ পূৰণ কৰিবলৈ চেষ্টা কৰিম | আশাকৰো অসমীয়া নৱবৰ্ষই সকলো দুগত নাশ কৰি সুখ-শান্তি সমৃদ্ধি কঢ়িয়াই আনিব |



































