ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বুধবাৰে যোৰহাটতো ক’ভিড-যুদ্ধৰ প্রথম শ্ৰেণীৰ যোদ্ধা আৰক্ষী জোৱানৰ শৰীৰত মাৰাত্মক কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । এই লৈ যোৰহাট আৰক্ষী ছাউনিত এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হৈছে । উল্লেখযোগ্য যে বুধবাৰে নগৰৰ উপকণ্ঠ বৰভেটাত থকা আৰক্ষী ছাউনিত কৰা এন্টিজেন ক’ভিড পৰীক্ষাত ছাউনিত বাহৰ পাতি থকা ১২ জনকৈ অসম আৰক্ষী বেটেলিয়ান জোৱান আক্ৰান্ত হোৱা নিশ্চিত হয়। আটাইকে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।
আজি আৰক্ষী ছাউনিত মাত্ৰ ৪৫ জন ব্যক্তিৰহে ছোৱেব টেষ্ট কৰা হৈছিল । ৪৫ জনৰে ১২ জনৰ শৰীৰত ক’ভিড পজিটিভ ওলোৱাত আৰু অধিক পৰীক্ষা কৰিলে ইয়াৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ আশংকা কৰিছে স্বাস্থ্য বিভাগে ।
উল্লেখযোগ্য এই ছাউনিত কেইবাটাও বেটেলিয়ান কেম্প, মেচ থকাৰ উপৰি পৰিয়াল সহ আৰক্ষী কোৱাৰ্টাৰ আছে । এতিয়া এইসকল লোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে । ইয়াৰ পূৰ্বেও যোৰহাট সদৰ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰায় ১০ জনৰ ক’ভিড পজিটিভ পোৱা গৈছিল। ইপিনে আজি যোৰহাটত মুঠ ৯০ জন ক’ভিড পজিটিভ ধৰা পৰিছে । ইয়াকে লৈ জিলাখনত এই পৰ্যন্ত ক’ভিডত আক্রান্ত হৈছে ১৭৩৫ জন। ইয়াৰে ৯১০ জনে বিভিন্ন ক’ভিড চেণ্টাৰত চিকিৎসা গ্ৰহণ কৰি থকাৰ বিপৰীতে ৮১৩ জন সুস্থ হৈ ঘৰলৈ ঘূৰি গৈছে।





























