পশ্চিম কাৰ্বি আংলঙৰ বগৰীঘাটত সংঘটিত হৈছে হাতী মানুহৰ সংঘাত৷ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত বগৰীঘাটত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দিলীপ চৌহান আৰু অমৰনাথ চৌহান নামৰ দুই কৃষক। তিনি সতীৰ্থই একেলগে পথাৰত পশুধনৰ বাবে ঘাঁ কাটি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। অৱশ্যে আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে এজন লোক ।
আনহাতে আহতদ্বয়ৰ চিকিৎসা অব্যাহত ৰাখিছে ভুক্তভোগী পৰিয়ালবৰ্গই। উল্লেখযোগ্য যে সুদীর্ঘ বছৰ ধৰি অঞ্চলবাসীয়ে বনৰীয়া হাতীৰ উপদ্ৰৱ, সন্ত্ৰাস আদি সমস্যাত ভুগি আহিছে যদিও এই ক্ষেত্ৰত খেৰণি বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলবাসীয়ে।
প্ৰতি বছৰে বনৰীয়া হাতীৰ তাণ্ডৱত অঞ্চলটোৰ বহু পৰিয়ালে ভঁৰাল-পথাৰৰ ধান, ঘৰ-বাৰী, সা-সম্পত্তি আদি হেৰুৱাৰ লগতে হাতীৰ আক্ৰমণত অকাল মৃত্যুকো আঁকোৱালি ল’ব লগা হৈছে বুলিও উল্লেখ কৰে অঞ্চলবাসীয়ে। শেহতীয়াকৈ এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতে খেৰণি বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে ক্ষোভেৰে দাবী তোলে বগৰিঘাটবাসীয়ে।





























