মৰিগাঁও জিলাৰ জাগীৰোডত কৰ’নাৰ সামাজিক সংক্ৰমণ বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে সাধাৰণ জনতা আৰু আৰক্ষী প্ৰশাসন ৷ আজি জাগীৰোড থানাৰ পৰিদৰ্শক সহ ১১ জন আৰক্ষীৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ।
উল্লেখ্য যে জাগীৰোডত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এক চৰকাৰী অনুষ্ঠান আছিল যদিও কৰ’নাৰ সামাজিক সংক্ৰমণৰ বাবে এই কাৰ্যসূচী বাতিল কৰিব লগা হয় । চৰকাৰী এই কাৰ্যসূচীৰ বাবে সাজু হৈ উঠিছিল মৰিগাঁও জিলা প্ৰশাসন আৰু জাগীৰোড থানাৰ সকলো প্ৰস্তুতি। মৈত্ৰী আঁচনিৰ অধীনত জাগীৰোড আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠান আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷
কিন্তু কালি ৰাাতি জাগীৰোড থানাৰ দুজনকৈ বিষয়াৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছত আজি বাতিল কৰা হয় মুখ্যমন্ত্ৰীৰ অনুষ্ঠান। প্ৰাপ্ত তথ্য মতে জাগীৰোড থানাৰ দুজন আৰক্ষী বিষয়া কিছু অসুস্থ হোৱাত স্বাস্থ্য বিভাগে দুয়োজনকে ৰেপিড টেষ্ট কৰিছিল । এই টেষ্টত জাগীৰোড থানাৰ টাউন অ’ চি আৰু এজন উপ পৰিদৰ্শকৰ দেহত ধৰা পৰিছিল ক’ভিড পজিটিভ ।
ইয়াৰ পিছতে আজি পুৱাৰ ভাগত জাগীৰোড থানাৰ ৪৭ জন আৰক্ষীৰ ৰেপিড টেষ্ট কৰে স্বাস্থ্য বিভাগে । এই টেষ্টত থানাখনৰ পৰিদৰ্শক উৎপল বৰাকে ধৰি ১১ জন আৰক্ষীৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ ।
উল্লেখ্য যে, পৰৱৰ্তী সময়ত পুনৰ নিৰ্ধাৰণ কৰা হ’ব আৰক্ষী থানা উদ্বোধনী অনুষ্ঠানৰ দিন ৷ জানিব পৰা মতে জাগীৰোড থানাৰ টাউন অ’চি প্ৰাঞ্জল চেতিয়া আৰু এছ আই বিনয় মালাকাৰ নামৰ আৰক্ষী বিষয়া দুজনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতে বাতিল কৰা হয় জাগীৰোড থানাৰ নৱ নিৰ্মিত ভৱনৰ উদ্বোধনী অনুষ্ঠান ।





























