মংগলবাৰে গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰা বৈষ্ণৱ পণ্ডিত নাৰায়ণ চন্দ্ৰ গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে । আজি এক শোকাবাৰ্তাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই সত্ৰাধিকাৰ গোস্বামীৰ মৃত্যুত অসমৰ জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে ৷
লগতে প্ৰমোদ কলিতাই মৃতকৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । উল্লেখযোগ্য যে, সত্ৰাধিকাৰ ড° নাৰায়ণ চন্দ্ৰ গোস্বামীদেৱে ২০ খন মনোজ্ঞ গ্ৰন্থ, ৮ খন সম্পাদিত গ্ৰন্থ, ৯ খন নাট্য সাহিত্য ৰচনাৰে অসমৰ লগতে সাহিত্য সমাজক গৌৰাৱাম্বিত কৰি থৈ গৈছে । প্ৰকৃতাৰ্থত তেওঁ আছিল এগৰাকী মুকুত বিহীন সম্ৰাট ৷ গোস্বামীদেৱৰ সৃষ্টিৰাজি তথা আদৰ্শ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ থাকিব ৷





























