অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰী উচ্চস্তৰীয় সমিতিয়ে অসমৰ ৰাইজৰ সাক্ষ্য গ্ৰহণ কৰি প্ৰস্তুত কৰা প্ৰতিবেদনত ১৯৫১ চনক ভিত্তি বৰ্ষক লৈ এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে । পৰিষদৰ মত অনুসৰি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে কোনোবা এটা চনক ভিত্তিবৰ্ষ হিচাপে ল’লে বহু জনগোষ্ঠীৰো লোক থাকি যাব, কাৰণ অসমৰ আদিম জনগোষ্ঠীসমূহৰ পৰাই ঐতিহাসিকভাৱে ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা থলুৱা ইছলামধৰ্মৰ লোকসকলৰ আজিও নথি পত্ৰ নাই ।
যদি একমাত্ৰ কোনো বছৰক ভিত্তি কৰা হয় তেন্তে থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া লোকৰ বহু ক্ষতি হ’ব । লগতে পৰিষদে কয় যে তেওঁলোকৰ কোনো এটা বছৰক ভিত্তি বৰ্ষ কৰি লোৱাত আপত্তি নাই যদিও ঐতিহাসিক পটভূমিক লৈ থলুৱা ইছলামধৰ্মী জনগোষ্ঠীসমূহক ৰক্ষাকৱচ দিয়াৰ পোষকতা কৰে ৷ গতিকে এই ক্ষেত্ৰত অসমৰ জাতীয় জনজাতীয় সংগঠনসমূহৰ লগতে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰে ৷
ইফালে শাসকীয় দলে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি তথা অসম চৰকাৰৰ বিধানসভাৰ অধিবেশনৰ বাজেটত সুকীয়া জৰীপৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰাৰ পিছতো আজিলৈকে সুকীয়া জৰীপৰ কাম আৰম্ভ নোহোৱাৰ কাৰণে অহা ১৯ আগষ্টত সমগ্ৰ অসমৰ জিলা সদৰত প্ৰতাৰণা ক্ষোভ শীৰ্ষক প্ৰতীকী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব।