সৰ্বানন্দ সোনোৱাল চৰকাৰৰ কাৰ্যালয়ত ৰাজ্যত চলিছে ব্যাপক চাউলৰ বৃহৎ ক’লা বজাৰ। খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীৰ নামত আৱন্টিত চাউলৰ বৃহৎ অংশ হৰলুকি কৰি অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই ক’লা বজাৰ চলাইছে এক দুষ্ট চক্ৰই। অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ প্ৰাৰম্ভিক অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য।
বি আই ই অ’ৰ সূত্ৰই এই কথা সদৰী জনোৱা মতে”২০১৫ ৰ ডিচেম্বৰৰ পৰা ৰাজ্যত বলৱৎ হৈ আহিছে খাদ্য সুৰক্ষা আইন ৷এই আইনৰ অধীনতে ৰাজহুৱা বিতৰণ ব্যৱস্থাই সামৰি লোৱা ৰাজ্যৰ প্ৰায়২.৫০ লাখ হিতাধিকাৰীৰ বাবে অন্তোদয়া অন্ন যোজনা আৰু বিশেষ অগ্ৰাধিকাৰ ভিত্তিক পৰিয়ালৰ নামত প্ৰতিমাহে প্ৰায় ১.৩০ লাখ মেট্ৰিক টন চাউল আৱন্টিত হৈ আছে ৷কাগজে কলমে এই চাউল প্ৰায় ২.৫০ লাখ হিতাধিকাৰীয়ে লাভ কৰে ৷কিন্তু বাস্তৱ ক্ষেত্ৰত হিতাধিকাৰীৰ নামত আৱন্টিত এই চাউলৰ অংশ আদবাটৰ পৰাই হৰলুকি কৰি পাছত নতুনকৈ পেকেজিং কৰি এফ এছ এৰ চাউলৰ ক’লা বজাৰ চলাইছে এই চক্ৰটোৱে।
ৰাজ্যৰ অধ্যুষিত অঞ্চলৰ সমবায় সমিতিসমূহৰ পৰা সৰ্বাধিক হাৰত এফ এছ এৰ নামত আবন্টিত চাউল হৰলুকি হোৱা বুলি জনায় সূত্ৰটোৱে।ফলত প্ৰক্ৰিয়াটো ডিজিটেলাইজড কৰাৰ পাছতো এফ এছ এৰ নামত আৱন্টিত চাউলৰ চোৰাং সৰবৰাহ ৰাজ্যত বন্ধ হোৱা নাই বুলি সূত্ৰটোৱে উল্লেখ কৰে । ৰাজ্যৰ প্ৰতিখন সমবায় সমিতিৰ অন্তৰ্গত হিতাধিকাৰীৰ নামত আবন্টিত হয় এফ এছ এৰ চাউল ৷নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে সমবায় সমিতিসমূহে ভাৰতীয় খাদ্য নিগমৰ নিকটৱৰ্তী গুদামৰ পৰা নিৰ্ধাৰিত পৰিমাণৰ চাউল সংগ্ৰহ কৰে ।
সমবায় সমিতিয়ে গুদামৰ পৰা চাউল সংগ্ৰহৰ পাছত সুলভ মূল্যৰ দোকানৰ এজেন্টৰ জৰিয়তে হিতাধিকাৰীৰ মাজত বিতৰণৰ ব্যৱস্থা কৰিব লাগে ।কিন্তু যিসকল হিতাধিকাৰীয়ে মাহৰ পিছত মাহ ধৰি এফ এছ এৰ পৰা চাউল বিতৰণৰ পৰা বিৰত আছে সেইসকলৰ তালিকা অনুসৰি নিৰ্দিষ্ট পৰিয়ালৰ চাউল এফ চি আই গুদামৰ পৰা ওলোৱাৰ পাছতে মধ্যভোগী চক্ৰই আদবাটতে হৰলুকি কৰে ।
পিছত সেয়া চাউল নীতিবৰ্হিভূত পেকেজিং কৰি বজাৰত বিক্ৰী কৰিবলৈ এৰি দিয়ে। এই ক্ষেত্ৰত সংখ্যালঘু অঞ্চলৰ সমবায় সমিতিসমূহৰ পৰা চাউল হৰলুকি হোৱাৰ হাৰ সৰ্বাধিক বুলি সূত্ৰটোৱে উল্লেখ কৰে ৷





























