প্ৰধানমন্ত্ৰী মোদীৰ স্বচ্ছ সৰ্বেক্ষণ ২০২০য়ে উত্তৰ পূবৰ অসমে আজুৰি আনিছে বহু সন্মান আৰু খিতাপ ৷ সকলো প্ৰতিযোগী ৰাজ্যৰ ভিতৰত অসমে লাভ কৰিছে শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্য ৷ ১২৯ খন ৰাজ্যক সাঙুৰি পঞ্চমবাৰৰ কাৰণে ভাৰতত অনুষ্ঠিত কৰা এই সমীক্ষাই অসমৰ বহু জিলাই লাভ কৰিছে বহু খিতাপ ৷ প্ৰায় ৫০ হাজাৰৰ পৰা ১লাখ জনসংখ্যা থকা অসমত ৰোমান্টিক জিলা হিচাপে পৰিচিত তেজপুৰে লাভ কৰিছে নাগৰিকৰ মতামতৰ ভিত্তিত পাইছে শ্ৰেষ্ঠ জিলা ।
ইপিনে উত্তৰ পূবৰ ভিতৰত যোৰহাটে লাভ কৰিছে শ্ৰেষ্ঠ পৰিস্কাৰ জিলাৰ খিতাপ,দ্ৰুত প্ৰদৰ্শনকাৰী জিলা হিচাপে পুৰস্কাৰ লাভ কৰিছে ডিফুৱে,লক্ষীমপুৰ আৰু চিলপথাৰে ৷ শিৱসাগৰ আৰু হাইলাকান্দিয়ে লাভ কৰিছে উদ্ভাৱনী আৰু শ্ৰেষ্ঠ কাৰ্যকাৰিতাৰ খিতাপ আৰু শ্ব বহনক্ষম নগৰীৰ খিতাপ লাভ কৰিছে কৰিমগঞ্জই ।
গতিকে সকলোবোৰ খিতাপ লক্ষ্য কৰিলে দেখা যায় যে অসমে উন্নত প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । দেশৰ ভিতৰত শিলচৰে ৩৪০ নম্বৰত স্থান লাভ কৰাৰ লগতে ডিব্ৰুগড়ে ৩৫৩, গুৱাহাটীয়ে ৩৫৬ আৰু নগাঁৱে ৩৫৮ তম স্থান লাভ কৰিছে । স্বচ্ছ সৰ্বেক্ষণ হৈছে দেশৰ সামগ্ৰিক স্বচ্ছতাৰ পৰীক্ষা ৷ ইয়াৰ জৰিয়তে স্বচ্ছতা,বৰ্জনীয় পদাৰ্থৰ যোগ্য ব্যৱহাৰ আৰু সামগ্ৰিক পৰিচ্ছনতাৰ ভিত্তিত দেশৰ ৰাজ্য, মহানগৰ আৰু নগৰসমূহক বাৰ্ষিক ৰেংক প্ৰদান কৰা হয় ।





























