‘অসমত ছেপ্তম্বৰ মাহত দেখা পোৱা যাব এখন নতুন ৰাজনৈতিক নাটক । ইতিমধ্যে চিত্ৰনাট্য তৈয়াৰ কৰি সাজু কৰা হৈছে অভিনেতা । এতিয়াৰ নাটকতকৈ ৰাইজে বিচৰা ব্যতিক্ৰমী নাটক মঞ্চস্থ হ’ব ।’ যি সময়ত অসমৰ ৰাজনীতিত বিশেষকৈ অগপ দলৰ কাৰ্য্যকলাপক কেন্দ্ৰ কৰি ব্যাপক চৰ্চ্চা অব্যাহত আছে তেনে ক্ষণত আজি বজালীত পুনৰ সাংবাদিকৰ আগত আজি এনেদৰে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে অগপ বিধায়ক পবিন্দ্ৰ ডেকাই ।
স্বাভাৱিকতে কেইদিনমান পূৰ্বে পাঠশালাত সংবাদ মাধ্যমৰ জৰিয়তে বিধায়ক পবিন্দ্ৰ ডেকাই পাটাছাৰকুছি সমষ্টিটো বিজেপিৰ দখলত যাব বুলি দিয়া মন্তব্য কৰাৰ পাছত আৰু অগপৰ সভাপতি অতুল বৰাক মিৰজাফৰৰ লগত তুলনা কৰাৰ পিছতে অগপৰ ভিতৰ চৰাত তীব্ৰ ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি হৈছিল ।
তেনে পৰিৱেশত সভাপতি অতুল বৰাৰ কৌশলী মন্তব্য আৰু অগপ নেতা কমলা কলিতা, পবিন্দ্ৰ ডেকাক শব্দ বাণেৰে আক্ৰমণ আৰু শেহতীয়াকৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অগপৰ দখলত থকা কোনো এটা সমষ্টি বিজেপিক এৰি দিয়া নহ’ব বুলি কোৱাৰ পিছতে অগপৰ ভিতৰচৰাত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে । তেনে পৰিৱেশৰ মাজতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ সতে আন্তৰিক বাৰ্তালাপ আৰু আজি অতুল বৰা, কেশৱ মহন্তৰ সাক্ষাৎকাৰ পৰ্বৰ পিছতে এটা নতুন ৰাজনৈতিক সমীকৰণ স্পষ্ট হৈ পৰিছে ।
এনে ক্ষণতে বিধায়ক পবিন্দ্ৰ ডেকাই আজি হাঁহি হাঁহি অধিক আত্মবিশ্বাসেৰে যি মত প্ৰকাশ কৰিলে তেনে মন্তব্যই এক ৰাজনৈতিক ৰহস্যৰ সৃষ্টি কৰিছে । পবিন্দ্ৰ ডেকাই প্ৰফুল্ল মহন্তৰ এনে ৰাজনৈতিক তৎপৰতাৰ সন্দৰ্ভত উঠা প্ৰশ্নৰ বিপৰীতে কয় যে সম্প্ৰতি নিৰ্বাচনকেন্দ্ৰিক দৃশ্যপট প্ৰতিমুহূৰ্তত সলনি হৈছে । এনে সময়ত কোন ক’লৈ আহে অাৰু ক’লৈ যায় একো ক’ব নোৱাৰি । কিন্তু ছেপ্টেম্বৰ মাহত হ’বলগীয়া নাটকে এটা বৃহৎ পৰিবৰ্তন আনিব অসমৰ ৰাজনীতিত ।
স্বাভাৱিকতে এতিয়া নতুন অগপ নেতৃত্বৰ স’তে যোগাযোগ নোহোৱা বিধায়ক পবিন্দ্ৰ ডেকাই ছেপ্টেম্বৰ মাহত ৰাজনৈতিক প্ৰেক্ষাপটত কি এনে নতুন নাটক চিত্ৰনাট্য অনুসাৰে অভিনেতাৰ দ্বাৰা মঞ্চস্থ কৰিব তাৰ বাবে হয়তো এতিয়া অপেক্ষা কৰাৰ বাদে গত্যন্তৰ নাই । কিন্তু আজি প্ৰফুল্ল কুমাৰ মহন্তৰ নতুন ৰাজনৈতিক পাশা খেলৰ সময়তে বিধায়ক পবিন্দ্ৰ ডেকাৰ শব্দভেদী বান তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে l





























