ভ্ৰাম্যমান থিয়েটাৰ জগতৰ এজন সুদক্ষ অভিনেতা জীৱেশ্বৰ ডেকাই দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷ নলবাৰী জিলাৰ বেলশৰৰ ডেকাপাৰাত জন্ম গ্ৰহণ কৰা শিল্পীজনে হৃদজনিত ৰোগত আক্ৰান্ত হৈ আছিল আৰু দেওবাৰে সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰা হৈছিল নলবাৰীৰ সাৰথি হাস্পতালত। কিন্তু উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ অানি থকা সময়ত আদবাটতে মৃত্যুক আঁকোৱালি লয়।
উল্লেখ্য যে ভাগ্যদেৱী, মকুন্দ, আৱাহন, শ্ৰীগুৰু, ৰূপৰাজ, জ্যোতিৰূপা আদি ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত বলিষ্ঠ অভিনয় কৰিছিল প্ৰয়াত ডেকাই ৷ নটসূৰ্য বটাঁপ্ৰাপক বিশি্ষ্ট অভিনেতা-নাট পৰিচালক জীৱেশ্বৰ ডেকাৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫বছৰ।
উগ্ৰ মেনা ৰচিত “মিলনমালা” আৰু মহেন্দ্ৰ বৰঠাকুৰ ৰচিত “দধিচী”ত তেওঁ কৰা দুৰ্দান্ত অভিনয় কোনেও পাহৰিব নোৱাৰে ৷ নটসূৰ্য ফণী শৰ্মা, মুনলাইট মিডিয়া, এনাজৰী বঁটাৰে বিভূষিত শিল্পীগৰাকীৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক শুভাকাংক্ষীসকলৰ কাম্য ৷ বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকাৰ বিয়োগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোকপ্ৰকাশ কৰিছে ৷





























