দীঘলীয়া তলাবন্ধৰ পাছত আজি অসম পৰ্যটন উন্নয়ণ নিগমৰ কাৰ্যালয়ত অনুষ্ঠিত হয় ‘বৰ্ড অৱ ডাইৰেক্টৰ’ৰ সভা । এই সভাত নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, উপাধ্যক্ষ নবদ্বীপ কলিতা, পৰিচালন সঞ্চালক আৰু বৰ্ড অৱ ডাইৰেক্টৰ’ৰ সকলো ডাইৰেক্টৰ উপস্থিত থাকে । সভাত নিগমৰ বিভিন্ন কৰ্মপন্থা সম্পৰ্কত বিতং পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যত কৰ্মপন্থাৰ ওপৰত কে’বাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
ADVERTISEMENT





























