পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা ক’ভিডত আক্ৰান্ত হৈছে । আজি জি এম চি এইচত তেওঁ ৰেপিড টেষ্ট কৰাত ফলাফল পজিটিভ আহে । সামান্য জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত বিধায়ক গৰাকীয়ে ক’ভিড পৰীক্ষা কৰায় ।
ADVERTISEMENT
অহা ২৭ আগষ্টত আমবাৰীত অনুষ্ঠিত হ’ব লগা অগপৰ কেন্দ্রীয় অধিৱেশনৰ প্ৰস্তুতিত দিনে-নিশাই ব্যস্ত আছিল বিধায়কগৰকী । দলীয় নেতা-কর্মী, বিভিন্ন দল-সংগঠন আৰু শুভাকাংক্ষীয়ে বিধায়ক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে । সম্প্ৰতি বিধায়কগৰাকী জি এম চি এইচত চিকিৎসাধীন হৈ আছে।





























