কৰ’না ভাইৰাছৰ দৰে ৰাজ্যখনৰ পোহনীয়া গৰু-ম’হৰ দেহত প্ৰথমবাৰৰ বাবে এবিধ সোঁচৰা ৰোগ পশুধনৰ দেহত দেখা দিছে । অসমত প্ৰথম বাৰৰ বাবে দেখা দিয়া বাংলাদেশৰ পৰা সোঁচৰা এই মাৰাত্মক কেপ্ৰিপক্স ভাইৰাছৰ পৰা হোৱা ৰোগ বিধক পশু চিকিৎসা বিভাগে ‘লাম্পী স্কিন ডিজিছ’ বুলি চিনাক্ত কৰিছে, কিন্তু এই ৰোগৰ প্ৰতিৰোধৰ বাবে কৰ’নাৰ দৰে কোনো ভেকচিন বৰ্তমান লৈকে উপলব্ধ হোৱা নাই ।
ৰাজ্যখনৰ আন জিলাৰ দৰে নগাঁও জিলাৰ বৃহত্তৰ চামগুৰি অঞ্চলতো এই ৰোগ পশুধনৰ দেহত বিয়পি পৰিছে । এই ৰোগবিধ হ’লে গৰু-ম’হৰ দেহত প্ৰথম অৱস্থাত তীব্ৰ জ্বৰ হৈ ঘাঁহ পানী নাখায় জুপুকা মাৰি থাকে । ইয়াৰ পিছত দেহত বসন্ত ওলোৱাৰ দৰে ছালত টেমুনা উঠে আৰু টেমুনা ফাটি মঙহ গেলিবলৈ ধৰে, কোনো ক্ষেত্ৰত মঙহত পোক দিয়ে ।
প্ৰথম অৱস্থাত ইয়াৰ চিকিৎসা নকৰিলে পশুধনৰ মৃত্যু ঘটে। পশু চিকিৎসকে ভাৰততে প্ৰথম বাৰৰ বাবে দেখা দিয়া বুলি দাবী কৰা এই ৰোগবিধ কেপ্ৰিপক্স ভাইৰাছৰ পৰা প্ৰাৰ্দুভাৱ হোৱা বুলি উল্লেখ কৰি তেজ শুহি খোৱা পৰজীৱী চিকৰা, ডাঁহ আদিৰ পৰা ঘাইকৈ সোঁচৰে বুলি জানিবলৈ দিছে। এই ৰোগৰ প্ৰাৰ্দুভাৱৰ ফলত পশুপালনৰ লগত জড়িত বিশেষকৈ দুগ্ধ উৎপাদনকাৰীসকলৰ ব্যাপক লোকচান হৈছে ।
কিয়নো লাম্পী ৰোগ হোৱাৰ লগে লগেই গাখীৰৰ উৎপাদন কমি যায়। এই বিষয়ে চামগুৰি ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডা° প্ৰশান্ত মজিন্দাৰৰ লগত যোগাযোগ কৰাত তেওঁ কয় “বৰ্তমান বৃহত্তৰ চামগুৰি অঞ্চলত এইৰোগ পশুধনৰ দেহত বিয়পি পৰিছে ।”
এতিয়া তেনেকুৱা ৰোগত ভোগা গৰু এটাকে চিকৎসাৰ বাবে গৈ আছো বুলি উল্লেখ কৰি চিকিৎসক গৰাকীয়ে কয় “কেপ্ৰিপক্স নামৰ এবিধ ভাইৰাছৰ দ্বাৰা এই ৰোগবিধ বিয়পি পৰিছে । প্ৰথমে পশুধনৰ দেহত তীব্র জ্বৰ আৰু গা বিষ হয়, একো নাখায় । পাছত বসন্ত ৰোগৰ দৰে ছালত টেমুনাৰ সৃষ্টি হৈ ফাটি মঙহ বোৰ গেলিবলৈ আৰম্ভ কৰে । কিন্তু এই ৰোগৰ কোনো ভেকচিন বৰ্তমান লৈকে ওলোৱা নাই ।” ভাৰতত প্ৰথমবাৰৰ বাবে দেখা দিয়া কেপ্ৰিপক্স ভাইৰাছৰ পৰা প্ৰাৰ্দুভাৱ হোৱা লাম্পী স্কিন ডিজিছ চুবুৰীয়া বাংলাদেশত ব্যাপক হাৰত পশুধনৰ দেহত সোচৰিছে।
এই বিষয়ে বটদ্ৰৱা ব্লক পশু চিকিৎসালয়ৰ চিকিৎসক ডা° সুৰেণ কেঁওটে কয় ” অসমতে নহয় ভাৰততে লাম্পী ৰোগ প্ৰথমবাৰৰ বাবে প্ৰাৰ্দুভাৱ হৈছে। পশুধনৰ জ্বৰ, গা বিষ তাৰ পিছত বসন্ত ৰোগৰ দৰে ছালত টেমুনা বান্ধি পাছত ফাটি যায় । কিন্তু বসন্ত ৰোগ হৈছে বুলি স্থানীয় পৰম্পৰাগত নীতি নিয়ম কৰিলে গৰু-ম’হ মৰাৰ সম্ভাৱনা বাঢ়ি যায়।”
এই ৰোগ চুবুৰীয়া বাংলাদেশত মাৰাত্মক ৰূপ লৈছে বুলি উল্লেখ কৰি পশু চিকিৎসক গৰাকীয়ে পুনৰ কয় “বাংলাদেশত বৰ্তমানলৈ সত্তৰ হেজাৰ পশুধন আক্ৰান্ত হৈছে আৰু পশ্চিম অসমেদি বাংলাদেশৰ পৰা ৰাজ্য খনত কেপ্ৰিপক্স ভাইৰাছৰ দ্বাৰা লাম্পী ৰোগ সোচৰিচে বুলি অনুমান কৰা হৈছে। এই ভাইৰাছ তেজ শুহি খোৱা চিকৰা, ডাঁহ আদিৰ দ্বাৰা সোঁচৰে ।” এই বুলি তেওঁ জানিবলৈ দিয়ে। এই ৰোগবিধ দেখা দিলে ৰোগাক্ৰান্ত পশুধনক আঁতৰাই ৰাখি দানা খোৱা পাত্ৰ সমূহো নিলগাই ৰাখিবলৈ পশু চিকিৎসক ডা° সুৰেণ কেঁওটে আহ্বান জনাইছে।





























