বিগত কেইটামান দিনৰ পৰা ৰাজ্যৰ ৰাজনৈতিক দলসমূহত ৰাজ্যৰ কণ্ঠশিল্পী আৰু অভিনেতাৰ যোগদানৰ জোৱাৰ উঠিছে। এই বিষয়টোক কেন্দ্ৰ কৰি ৰাইজৰ মাজত এক আলোচনা চলি থকাৰ উপৰিও ছ’চিয়েল মিডিয়াত ৰাজনৈতিক দলত যোগদান কৰা শিল্পীসকলক নানা কটু বাক্যৰে থকা-সৰকা কৰা দেখা গৈছে ।
ইয়াৰ মাজতে, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশে ৰাজনৈতিক দলত যোগদান কৰিছে বুলি প্ৰচাৰমাধ্যম যোগে প্ৰচাৰ হৈছে। এই সন্দৰ্ভত আজি নীল আকাশে সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কয় যে, তেওঁ ৰাজনৈতিক দলত যোগদান কৰা বুলি উলিওৱা বাতৰিটো সম্পূৰ্ণ মিছা।
তেওঁ গান গোৱাৰ কাৰণে ৰাইজে ভাল পায় আৰু তেওঁ ৰাইজৰ মাজতে থাকি সদায় ৰাইজৰ কাৰণে গান গাই যাব। লগতে, ভৱিষ্যতে এনে ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনায়। অন্যহাতে, একাংশ শিল্পীয়ে ৰাজনৈতিক দলত যোগদান কৰাৰ সন্দৰ্ভত কয় যে, সেয়া তেওঁলোকৰ ব্যক্তিগত কথা। ৰাজনৈতিক দলত যোগদান নকৰাকৈয়ো সমাজৰ উন্নতিৰ বাবে কাম কৰিব পৰা যায়।





























