বহিঃৰাজ্যৰ বিশাল বজাৰক প্ৰত্যাহ্বান জনায় স্বগৰিমা আৰু মৌলিকতাৰে অসমৰ নাম উদ্ভাসিত কৰি আহিছে বৰপেটাৰ পৰম্পৰাগত থলুৱা আতচবাজী উদ্যোগ । বছৰৰ প্ৰতিটো দিনতে এই উদ্যোগত ব্যস্ততা পৰিলক্ষীত হয় যদিও দীপাৱলীৰ সময়ত তৎপৰতা অভাৱনীয় হৈ পৰে; কিন্তু কৰ’না মহামাৰীয়ে এইবোৰ উদ্যোগৰ ওপৰত যি মাধমাৰ শোধালে তাৰ প্ৰভাৱ দীঘলীয়া হোৱাৰ আশংকাৰ সৃষ্টি হৈছে । বৰপেটাৰ এই উদ্যোগ সম্পূৰ্ণ ঘৰুৱা । ইয়াৰ বজাৰখনো সিমিত ।
যদিও অসমৰ চৌদিশৰ লগতে চুবুৰীয়া ৰাজ্যৰ বৰপেটাৰ আতচবাজী এখন বজাৰ গঢ়ি উঠিছে তথাপি বিপণন আৰু প্ৰচাৰৰ সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত শিবাকাছিৰ উদ্যোগৰ তুলনাত সেয়া যথেষ্ট সিমিত । এই সীমাবদ্ধতাৰ মাজতে কৰ’নাই মাধমাৰ দিয়াত উদ্যোগটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হেজাৰ হেজাৰ লোকৰ জীৱনলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ।
সাম্প্ৰতিক জটিল পৰিস্থিতিৰ সন্দৰ্ভত বৰপেটা আতচবাজী শিল্প সমবায় সমিতিৰ সভাপতি গোপজিৎ পাঠকে ‘দৈনিক অগ্ৰদূত’ক কয়, ‘বৰপেটীয়া এই উদ্যোগত বছৰিতদুইৰ পৰা আঢ়ৈ কোটি টকাৰ লেনদেন হয় । দীপাৱলীৰ সময়তে ইয়াৰ সৰ্বাধিক লেনদেন হয় । গড় হিচাপত কমেও ডেৰ কোটি টকাৰ লেনদেন হয় পোহৰৰ উৎসৱটোৰ সময়ত; কিন্তু এইবাৰ বজাৰৰো কামটো কাৰখানাবোৰত নচলিলেই, আনকি দীপাৱলীৰ সময়তো বেছি সংখ্যক কাৰখানাতেই আতচবাজী প্ৰস্তুতৰ সঁজুলীবোৰ অব্যৱহৃত হৈয়ে পৰি ৰয় ।’ তাৰ মাজতে চৰকাৰৰ বিভ্ৰান্তিকৰ ঘোষনাবোৰেও শেষমুহূৰ্তত চলোৱা প্ৰস্তুতিত মাধমাৰ শোধায় বুলি পাঠকে ক্ষোভ প্ৰকাশ কৰে ।
উল্লেখ্য যে কৰ’নাৰ পৰিপ্ৰেক্ষিতত আতচবাজী উদ্যোগত দীপাৱলীৰ বাবে এইবাৰ কোনো প্ৰস্তুতি চলোৱা হোৱা নাছিল; কিন্তু মন্ত্ৰী ড° হিমন্ত বাশ্ব শৰ্মাই টুইটত আৰু আন সামাজিক মাধ্যম যোগে ৰাজ্যক মুকলি মনেৰে দীপাৱলী উদ্যাপনৰ আহ্বান জনায় । এই সম্পৰ্গত ইাঠকে কয়, ‘দীপাৱলীৰ বাবে কমেও দুমাহ আগৰ পৰা উদ্যোগবোৰত প্ৰস্তুতি চলোৱা হয় । তেনে ক্ষেত্ৰত মন্ত্ৰীৰ ঘোষণাৰ পাছত হাতত সময় কম থকাত স্বাভাৱিক দিনৰ তিনিশৰ ঠাইত পাঁচশ পৰ্যন্ত কৰ্মচাৰী নিয়োগ কৰা হয় । তেওঁলোকে অতি কম সময়ৰ ভিতৰত যথেষ্ট পৰিমাণৰ আতচবাজী প্ৰস্তুত কৰি উলিয়ায় । বিভিন্ন স্থানৰ পৰা সামগ্ৰী যোগানৰ বুকিংবোৰো আৰম্ভ হয়; কিন্তু হঠাৎ চৰকাৰে আতচবাজী নিষিদ্ধ কৰাত এথিয়া উৱাদিহ নোপোৱা হৈছো । প্ৰস্তুত হৈ উঠা আতচবাজীবোৰো এতিয়াই ব্যৱহাৰ নকৰিলে পাছলৈ জমা কৰি ৰাখিব নোৱাৰি । গতিকে সাজু হৈ উঠা আতচবাজীবোৰ চৰকাৰ স্ববিৰোধী স্থিতিত পানীত পৰিল ।’
উদ্যোগটোত হোৱা লোকচানৰ সমান্তৰালকৈ মাধমাৰ পৰিছে ইয়াৰ লগত জড়িত আনুষংগিক ক্ষেত্ৰবোৰতো । উদাহৰণ স্বৰূপে বৰপেটাৰ আতচবাজী উদ্যোগৰ লগত মৃৎ উদ্যোগৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । অকল দীপাৱলীৰ সময়তে আতচবাজী উদ্যোগে মৃৎ শিল্পৰ পৰা প্ৰায় ৫০ লাখ টকাৰ সামগ্ৰী ক্ৰয় কৰে । বিশেষকৈ বৰপেটাৰ বিখ্যাত ফুলজাৰীৰ বাবে মৃৎ শিল্পীয়ে মাটিৰ বিশেষ ‘কলহ’ৰ যোগান ধৰে । এইবাৰ কাম বন্ধ হোৱাত শিল্পীসকলো হতাশ হৈছে বুলি জনায় এই শিল্পটোৰ লগত জড়িত কৈলাশ দাসে ।





























