২১ খনক গাঁৱৰ ১৭ খন শাখা সংঘক একগোট কৰি বৃহত্তৰ বাৰেকুৰি অঞ্চলটো উন্নয়নৰ লক্ষ্যৰে কেইজনমান সমাজ সচেতন ব্যক্তিৰ প্ৰচেষ্টাত ১৯৯৫ চনৰ সাত নৱেম্বৰত জন্মলাভ কৰিছিল বাৰেকুৰি আঞ্চলিক যুৱক সংঘৰ ৷
ADVERTISEMENT
চলিত বৰ্ষত যুৱক সংঘই ২৫ টা বৰ্ষ গৰকাক লৈ লেছেংকা গাঁৱৰ ৰাজহুৱা খেলপথাৰত আজিৰ পৰা তিনিদিনীয়াকৈ অতি উলহমালহেৰে আয়োজন কৰিছে ৰূপালী জয়ন্তীৰ লগতে অধিবেশন ৷





























