অসম আন্দোলনৰ প্ৰথম ছহিদ বৰপেটাৰ উজান বৰবড়ীৰ খৰ্গেশ্বৰ তালুকদাৰৰ নামত উৎসৰ্গিত ছহিদ খৰ্গেশ্বৰ নগৰ,নাওসৰকা আৰু চাউলীয়াবড়ী ৰাজহ গাঁৱৰ চৰকাৰী গো চৰণীয়া পথাৰত অবৈধ বেদখল কৰি চলাই থকা কদমতলা বজাৰত আজি আদালতৰ নিৰ্দেশমৰ্মে প্ৰশাসনে বুলডঝাৰ লগাই উচ্ছেদ অভিযান চলায় ৷

এক ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ওপৰত ভিত্তি কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ পিছতে সৰুপেটা ৰাজহ চক্ৰ বিষয়া,লাট মণ্ডল আৰু প্ৰশাসনৰ সহযোগত আজি এই উচ্ছেদ অভিযান চলোৱা হয় ৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুই আজি প্ৰশাসনে কদমতলা বজাৰত চলোৱা উচ্ছেদ অভিযানৰ প্ৰসংগত কয়-আজি চৰকাৰ তথা প্ৰশাসনে সাধাৰণভাবে জীৱন নিৰ্বাহ কৰি থকা ব্যৱসায়ী-দোকানী সকলৰ দোকান উচ্ছেদ চলাইছে ৷

চৰকাৰী নথি পত্ৰ নথকাৰ দোহাই দি চৰকাৰে চলোৱা এই উচ্ছেদ অভিযানৰ ফলত দোকানী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ বহু বছৰ ধৰি ব্যৱসায়ী দোকানী সকলে একমাত্ৰ সম্বল হিচাপে দোকানখনকে সাৰথি কৰি চলি আহিছিল৷এতিয়া এইসকলৰ মূৰত সৰগ ভাগি পৰিল ৷





























