কাৰ্বি ভাষা সাহিত্যক উত্তৰণৰ দিশেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে গঠন হোৱা কাৰ্বি লামেট আমেই(কাৰ্বি সাহিত্য সভা)ৰ ২৯ সংখ্যক অধিৱেশন ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈকে বৰ্ণাধ্য কাৰ্যসূচীৰে বোকাজান মহকুমাৰ বৰডেকা লাংমিলিৰ নিৰ্জা আক্লাম(ক্ষেত্ৰ)ত অনুষ্ঠিত হৈছে ৷ অনুষ্ঠানৰ আজিৰ দ্বিতীয় দিনা লামেট আমেইৰ পতাকা উত্তোলনৰ পাছতেই বিভিন্ন কাৰ্যসূচীত জনসাধাৰণৰ ব্যাপক সহাঁৰি উপস্থিতি পৰিলক্ষিত হৈছে ৷
নিৰ্জা আক্লামত কে’বাখনো আকৰ্ষণীয় আদৰণি তোৰণৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাজ-পাৰ আৰু খাদ্য সামগ্ৰীৰ বিপনীয়ে জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত কৰিছে কাৰ্বি সাহিত্য সভা থলী ৷ ইপিনে অধিৱেশনস্থলীত কাৰ্বি সাহিত্য গ্ৰন্থৰ বিপনীতো বহু লোকৰ সমাগম দেখা গ’ল ৷
আনহাতে বিয়লি ভাগত কাৰ্বি লামেট আমেইৰ প্ৰথম মুকলি সভাত উপস্থিত থাকি অসম চৰকাৰৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, বিশিষ্ট সাহিত্যিক লুঞ্চে তিমুঙ প্ৰমুখ্যে আন কে’বাজনো বিশিষ্ট লোকে কাৰ্বি সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ৷
এই সভাতেই ন-পুৰণি লেখকৰ ২২খন কাৰ্বি সাহিত্যৰ গ্ৰন্থ উন্মোচন কৰা হয় বুলি লামেট আমেইৰ সভাপতি হিদ্ধিনাথ ৰংপিয়ে জানিবলৈ দিয়ে ৷ আনহাতে, অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী সমূহতো ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে ৷





























