কাৰ্বি জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ বাবে পাৰ্বত্য জিলাখনত জন্ম হোৱা কে’বাটাও উগ্ৰপন্থী গোটৰ অন্যতম ইউনাইটেড পিপলছ লিবাৰেশন আৰ্মীৰ অষ্টম প্ৰতিষ্ঠা দিৱস আজি বোকাজানৰ দিলাওজানস্থিত অস্থায়ী শিবিৰত পালন কৰা হয় ৷২০১৪ চনতে আত্মপ্ৰকাশ কৰা ইউ পি এল এৰ আজি প্ৰতিষ্ঠা দিৱসত সংগঠনটোৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ অধ্যক্ষ চৰ্জন লহ এহে ৷শ্বহীদ তৰ্পণ কৰে সম্পাদক চংকিম এঞ্জা আৰু উপাধ্যক্ষ ৰকম তেৰাঙে ৷
ইয়াৰ পিছতেই অনুষ্ঠিত সাধাৰণ সভাত বিভিন্ন সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে আন এটা অস্ত্ৰবিৰতিত থকা সংগঠন কেপিএলটিৰ নেতাইও অংশ লৈ কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন দিশৰ বিষয়ে আলোকপাত কৰে ৷ইপিনে সংবাদ মাধ্যমৰ আগত ইউপিএলএ ৰ নেতৃত্বই জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মাজত ইতিমধ্যে আলোচনা অব্যাহত আছে আৰু অতি সোনকালেই সংগঠনটোৰ লগত চুক্তি হোৱাৰ সম্ভাৱনা আছে যাৰ দ্বাৰা কাৰ্বি আংলংৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান হোৱাৰ পথ প্ৰশষ্ট হব ৷





























