চিৰাঙ জিলাত আজি ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা ‘অসম দৰ্শন’আঁচনি( ২০২০-২১) ৰ অধীনত জিলাখনৰ নামঘৰ আৰু বাথৌ মন্দিৰৰ সাহাৰ্যাৰ্থে অনুদান প্ৰদান কৰা হয় । জিলা সদৰ কাজলগাঁৱৰ ৰবৰ বোৰ্ডৰ আঞ্চলিক কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত জিলাখনৰ মুঠ ১৯১ টা নামঘৰ আৰু বাথৌ মন্দিৰলৈ এই অনুদান আনিষ্ঠানিকভাৱে প্ৰদান কৰে বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু কাৰ্যবাহী সদস্য গৌতম তালুকদাৰে ।
ৰাজ্য চৰকাৰে প্ৰতিটো নামঘৰ আৰু বাথৌ মন্দিৰলৈ মুঠ আঢ়ৈ লাখ টকাৰ ছেক প্ৰদান কৰে । আজি প্ৰতীকি অৰ্থত দহটা নামঘৰ আৰু দহটা বাথৌ মন্দিৰলৈ অনুদানৰ ধন বিতৰণ কৰা হয় । জিলাখনৰ ১৯১ টা নামঘৰ আৰু বাথৌ মন্দিৰলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে ৪ কোটি ৭৭ লাখ টকাৰ অনুদান প্ৰদান কৰা বুলি চিৰাঙৰ উপায়ুক্ত গৌতম তালুকদাৰে আদৰণি ভাষণত প্ৰকাশ কৰে ।
চিৰাঙ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীয়ে সভাখন পৰিচানলা কৰে । এই অনুষ্ঠানত সন্মানীয় অতিথিৰূপে বিটিচিৰ পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন, মাধৱ চন্দ্ৰ ছেত্ৰী, চিৰাঙ জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া গণন চন্দ্ৰ নাৰ্জাৰী সহ বিভিন্ন নামঘৰ আৰু বাথৌ মন্দিৰৰ কৰ্মকৰ্তা উপস্থিত থাকে।





























