কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দোতমা সমুহীয়া স্বাস্থ্য কেন্দ্রৰ অধিন বৰাগাডীৰ মনিছৰাত পাঁচমহীয়া সন্তান থকা এজনী মাতৃৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পাছতে আতংকৰ সৃষ্টি হৈছে গাঁওখনত।
আজি আবেলি চাৰি মান বজাত গাওঁবাসী ৰাইজে গাঁওখনৰ ব্ৰহ্ম মন্দিৰ প্ৰাঙ্গনত ক’ভিড প্ৰট’কল মানি এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাতেই গাওঁৰ এজনি পাঁচমহীয়া শিশু থকা মহিলাৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ পাছত আতংকিত হৈছে গাওঁবাসী।
গাওঁবাসীয়ে জনোৱা অনুসৰি গাওঁখনৰ তিনিজন লোক ক’ভিড পজিটিভ হোৱাৰ পাছত আজি এখন সভা অনুষ্ঠিত কৰে। উক্ত সভাতেই গাওঁখনৰ সুৰক্ষাৰ ক্ষেত্রত ব্যবস্থা লবলৈ চৰকাৰলৈ আহ্বান জনায়।
উক্ত সভাতেই এজন জেষ্ঠ নাগৰিকে জনোৱা অনুসৰি যিহেতু মহামাৰী কৰ’না ভাইৰাছে বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰিছে সেই ক্ষেত্রতে ইতিমধ্যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দোতমা অঞ্চলত ৪০জনতকৈও অধিক লোক আক্রান্ত হৈছে।
সেই ক্ষেত্রত দোতমা অঞ্চলৰ বৰাগাডীৰ মনিছৰা গাওঁৰ পাঁচমহীয়া শিশু থকা মহিলাৰ দেহত ক’ভিড পজিটিভ হোৱাত গাওঁবাসীয়ে আতংকিত হৈছে । জেষ্ঠ নাগৰিকজনে জনোৱা অনুসৰি ক’ভিড পজিটিভ হোৱা লোকসকলক চৰকাৰী ভাবে সু চিকিৎসা কৰাৰ লগতে গাওঁ সমুহত সজাগতামুলক সভাও অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনায়।