মহামাৰী কৰ’না ভাইৰাছে দ্বিতীয় বাৰৰ বাবে যিধৰনৰ সংহাৰি ৰূপ ধাৰণ কৰিছে তাৰ ফলত অসমৰ বিভিন্ন জিলাত বহু লোক আক্রান্ত হোৱাৰ লগতে মৃত্যু হৈছে।
ইতিমধ্যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দোতমা অঞ্চলতো কৰ’নাই লৈছে ভয়াৱহ ৰূপ । ইতিমধ্যে দোতমা অঞ্চলত বহু সংখ্যকলোক আক্রান্ত হোৱাৰ লগতে কেইজনমানৰ মৃত্যুও হৈছে ।
দোতমা অঞ্চলৰ ঢোপেৰতল গাওঁৰ নিবাসী ৰীষিকেশ সাহা নামৰ লোকজনক গৃহ মিনি কন্টেনমেনজন হিচাপে ঘোষনা কৰিছে প্ৰশাসনে ।
তথ্য অনুসৰি ৰীষিকেশ সাহাৰ পিতৃ স্বৰ্গীয় প্ৰাণকৃষ্ণ সাহা ক’ভিড ১৯ ত আক্রান্ত হৈ মৃত্যু হয় । পাছত তেওঁলোকৰ পৰিয়ালটোৰ ক’ভিড পৰীক্ষা কৰাত ৰীষিকেশ সাহা, অৰ্চনা সাহা, নবীন সাহা, গীতা সাহা আৰু অদ্ৰিজা সাহাৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে । যাৰ ফলত প্ৰশাসনৰ ফালৰ পৰা ৰীষিকেশ সাহাৰ গৃহটো মিনি কন্টেনমেনজন হিচাপে ঘোষনা কৰে ।





























