ক’ভিড সংক্ৰমণৰ ভয়াবহতাই সমগ্ৰ ৰাজ্যবাসীক ত্ৰাসিত কৰি তুলিছে যদিও চৰকাৰীভাৱে জনসাধাৰণক এই দিশত সকাহ দিয়াৰ উদ্দেশ্য সন্মুখত ৰাখি চৰকৰী পৰ্যায়ত ব্যাপক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ।
ভিন্ন ক্ষেত্ৰত সহায় সহযোগ হোৱাকৈ প্ৰশাসনে নিৰন্তৰ কাম কৰি আহিছে । বজালী জিলাতো উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাৰ তৎপৰতাত জিলা প্ৰশাসনে আৰু জিলা আৰক্ষীৰ সক্ৰিয়তাত ক’ভিড সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ হেতু অহৰহ প্ৰচেষ্টা চলাই গৈছে।
জিলাখনৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে প্ৰশাসনৰ তৎপৰতাত জনসাধাৰণৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্হা অব্যাহত ৰখা হৈছে আৰু জনসাধাৰণেও পৰীক্ষণ ব্যৱস্হাত সহাৰি জনাইছে ।
উল্লেখযোগ্য যে এই সন্দৰ্ভত উপায়ুক্ত গৰাকীয়ে যিসকলে এতিয়াও ক’ভিড পৰীক্ষা কৰা নাই সেই সকলক তাৎক্ষণিকভাৱে পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে ।
ইতিমধ্যে জিলাখনৰ সৰুপেটা ৰাজহ চক্ৰৰ অধীনস্হ বজেলীয়া চুবা আৰু বজালী ৰাজহ চক্ৰৰ অন্তৰ্গত মহাৰাণী চুবাক কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে আৰু প্ৰশাসনৰ নিৰ্দেশ ক্ৰমে চৰকৰী বিষয়াই , স্বাস্হ্য বিষয়াই উক্ত অঞ্চলৰ জনসাধাৰণৰ সতে অহৰহ যোগাযোগ অব্যাহত ৰাখিছে ।
ইফালে অতিমাৰীৰ এই সময়ত ব্যৱসায়ী সকলে যাতে দ্ৰব্য মূল্যৰ অতিৰিক্ত মূল্যমান ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে উপায়ুক্ত বৰুৱাৰ নিৰ্দেশত জিলাৰ দণ্ডাধীশ সকলে জিলাখনৰ ভিন্ন প্ৰান্তৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত পৰিদৰ্শন চলাই আহিছে ।
সামগ্ৰীক ভাৱে জিলাখনত ক’ভিড সংক্ৰমণৰ গতি ৰোধ কৰাৰ হেতু উপায়ুক্ত বৰুৱাৰ নেতৃত্বত দণ্ডাধীশ সকলে আৰু আৰক্ষী অধীক্ষকৰ তত্বাবধানত আৰক্ষীৰ লোকসকলে প্ৰচেষ্টা চলাই গৈছে । আনহাতে পাটাছাৰকুছিস্হিত নিৰ্মল হালৈ কলেজ , বাঘমাৰাৰ নৰ্থ কামৰূপ কলেজ আৰু ভেঠুৱাৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত শীঘ্ৰে কভিড সেৱা কেন্দ্ৰ মুকলি কৰা হ’ব বুলি কোৱা হৈছে । উল্লেখযোগ্য যে জিলা উপায়ুক্তই পৰিস্হিতিৰ ওপৰত অহৰ্নিশে চোকা নজৰ ৰাখি আহিছে ।





























