এসময়ৰ আদিবাসী চাহ জনগোষ্ঠীয় জনপ্ৰিয় অভিনেত্ৰী তথা ভ্রাম্যমান থিয়েটাৰ ” নয়নতৰা ” ৰ অভিনেত্ৰী আৰু আদিবাসী চাহ জনগোষ্ঠী সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সক্রিয় সদস্যা তথা ২ নং শামুকতোলা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী তৰামাই ওৰাঁও(৪১) আকস্মিক মৃত্যু হোৱা ঘটনাই উজনি অসমত শোকৰ ছা পেলাইছে।
উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে তেখেতৰ স্বামী টিংৰাজ ওৰাঁও বিৰ্গত ২০১০ চনৰ পৰা আজি পৰ্যন্ত সন্ধানহীন হৈ আছে।মৃত্যুৰ সময়ত তেখেতে দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তানক এৰি থৈ যায়।
অতি মেধাবী দুই জমজ ভাই-ভনী বৰ্তমান দুলীয়াজানৰ অইল হায়াৰছেকেণ্ডেৰী স্কুলৰ দ্বাদশ শ্ৰেণীত বিজ্ঞান শাখাত অধ্যয়ন কৰি আছে।আনহাতে জ্যেষ্ঠ কন্যা টিংখং মহাবিদ্যালয়ৰ পঞ্চম ষাণ্মাষিকৰ ছাত্ৰী।
অনবৰতে মুখত হাঁহি-বিৰিঙি থকা সৰবৰহি জনপ্ৰিয় মহিলা গৰাকীৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছা পৰিছে। তেখেতৰ মৃত্যুত আদিবাসী চাহ জনগোষ্ঠী সুৰক্ষা সমিতি অসম তথা “একজেচা “ৰ সভাপতি নিপেন মানকী আৰু সম্পাদক ৰমেশ তাতীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
ADVERTISEMENT





























