দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ এটা অসহায় পৰিয়ালৰ কৰুণ গাঁথা শুনি বহু লোকে এতিয়া চকুলো ঢুকিছে । দুই কণমানি সন্তানক বুকুত সাৱটি দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিছে এগৰাকী অসহায় মাতৃয়ে । নহিৰা শালৈপাৰাৰ এই পৰিয়ালটোলৈ নামি আহিছে ঘোঁৰ অমানিশা । গকুল ঠাকুৰীয়া নামৰ দিন হাজিৰা কৰি পৰিয়াল ভৰণ-পোষণ দি অহা এই লোকজনৰ দেহত এবছৰ পূৰ্বে ধৰা পৰিছে ব্ৰেইন টিউমাৰ লগতে কৰ্কট ৰোগে । এতিয়া এটা এটাকৈ দেহৰ অংগবোৰে কাম নকৰা হৈ আহিছে । এটা বাৰ বছৰীয়া পুত্ৰ সন্তান আৰু এজনী বিশেষভাৱে সক্ষম পাঁচ বছৰীয়া ছোৱালীক লৈ অসহায় হৈ পৰিছে মাতৃ জুনুকা ঠাকুৰীয়া । স্বামীৰ চিকিৎসাৰ বাবে হাতত ধন নথকাত বলিয়াৰ দৰে হৈ পৰিছে পত্নী । একমাত্ৰ অৰ্থৰ অভাৱত বিগত এবছৰ ধৰি কোনোধৰণৰ চিকিৎসা কৰিব নোৱাৰি ঘৰতে ৰাখিছে স্বামীক । শাৰীৰিকভাৱে বাধাগ্ৰস্ত কণমানি কন্যাগৰাকীৰ বাবে এতিয়া মাতৃয়ে দুবেলা দুমুঠি যোগাৰ কৰিবও নোৱাৰা হৈছে । চুবুৰীয়া তথা আত্মীয়ৰ পৰা সামান্য সহায় নাপালে লোঘণে পাৰ হয় এওঁলোকৰ দিন । স্বামীক সুষ্ঠ কৰি তোলাৰ দুৰ্বাৰ হেপাঁহৰ বাবে থকা মাটিখিনিৰ এটা অংশ বিক্ৰী কৰি দিলে । এতিয়া উপায়বিহীন হৈ পৰিয়ালটোৱে বিচাৰিছে সুহৃদ ৰাইজৰ সহায় । এফালে ক’ৰণা মহামাৰীৰ বাবে হাফ লকডাউন, আনফালে দুৰাৰোগ্য ৰোগত আক্ৰান্ত স্বামী । অসহায় মাতৃ জুনুকা ঠাকুৰীয়াই স্বামীৰ মুখৰ ফালে চাই দুই কণমানিক বুকুত সাৱটি বিনিদ্ৰ ৰজনী পাৰ কৰিছে । যদি কোনো লোকে সহায় কৰিব বিচাৰে তেন্তে চিণ্ডিকেট বেংকৰ বিজয়নগৰ শাখাৰ 73402210003783 ( IFSC. SYNB0007340 ) নম্বৰ অথবা 8638298187 নম্বৰত যোগাযোগ কৰি সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পত্নী জুনুকা ঠাকুৰীয়াই । আপোনাৰ অকণমান সহায়ে হয়তো সকাহ দিব পাৰে এটা দুৰ্ভগীয়া পৰিয়ালক ।*
ADVERTISEMENT





























