ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে নতুন এছঅ’পি । এই আইন ২০ জুলাইৰ পৰা ২৫ জুলাই পৰ্যন্ত অব্যাহত থাকিব ।
■ দুখন জিলা ক্ৰমে মৰিগাঁও আৰু গোৱালপাৰাত সান্ধ্য আইন শিথিল কৰা হৈছে ।
■ এই দুখন জিলাত ১২ বজালৈ খুলিব পাৰিব সকলো দোকান-পোহাৰ । অৱশ্যে গেলামালৰ দোকান সন্ধিয়া পাঁচ বজালৈ খোলা থাকিব ।
■ দুয়োখন জিলাতে বিয়লি এক বজাৰ পৰা সান্ধ্য আইন জাৰি হ’ব ।
■ পাঁচখন ৰাজ্যত সম্পূৰ্ণ সান্ধ্য আইন বলৱৎ থাকিব । যোৰহাট, গোলাঘাট, লখিমপুৰ, বিশ্বনাথ চাৰিআলি, শোণিতপুৰত ২৪ ঘণ্টাই সান্ধ্য আইন জাৰি থাকিব ।
■ অৱশ্যে এই পাঁচখন জিলাত সন্ধিয়া পাঁচ বজা পৰ্যন্ত গেলামালৰ দোকান খোলা থাকিব ।
■ এই সাতখন জিলাৰ বাহিৰে অন্য জিলাসমূহত চাৰি বজা পৰ্যন্ত সকলো দোকান খোলা ৰাখিব পাৰিব আৰু সন্ধিয়া পাঁচ বজাৰ পৰা পুৱা পাঁচ বজালৈ সান্ধ্য জাৰি থাকিব ।
■ মহানগৰীত নীতি-নিয়ম পূৰ্বৰ দৰেই থাকিব ।
■আন্তঃজিলা যাতায়ত বন্ধ থাকিব ।
■ ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁৱৰ ওপৰত স্বাস্থ্য বিভাগে চোকা দৃষ্টি ৰাখিব ।
■সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঘৰতে নামাজ পঢ়াৰ আহ্বান ।
■ মছজিদত কেৱল পাঁচজন লোকে নামাজ পঢ়িব পাৰিব ।
■ বিবাহ বা অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ১০ জন লোক উপস্থিত থাকিব পাৰিব ।
■ ৰেল ষ্টেচন বা বিমানবন্দৰত দুটা প্ৰতিষেধক গ্ৰহণ কৰিলেও ক’ভিড পৰীক্ষণ কৰিব লাগিব ।





























