শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন । দুৰ্গা পূজাৰ প্ৰাকক্ষণতে মহানগৰীত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ।
আইএছবিটিত গড়চুক আৰক্ষীয়ে জব্দ কৰে ১৫ কোটি টকাৰ জিলেটিন ষ্টিক ।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তিনিজনক । মেঘালয়ৰ পৰা AS15 AC 4867 নম্বৰৰ এখন বলেৰ’ পিক আপ বাহনেৰে সৰবৰাহ কৰিছিল সামগ্ৰীখিনি ।
শ্বিলঙৰ পৰা ৰাণীলৈ নি থকা অৱস্থাতে জব্দ কৰে আৰক্ষীয়ে। বিস্ফোৰক সামগ্ৰীখিনিৰ লগতে আৰক্ষীয়ে ৰহিম বাদশ্বাহ আৰু আইনুল আলী নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
তথ্য অনুসৰি ঘটনাটোৰ মূল অভিযুক্ত ছয়গাঁৱৰ গৰৈমাৰীৰ কাদেম আলী । কাদেম আলীৰ নেতৃত্বতে সৰবৰাহ কৰা হৈছিল এই বিস্ফোৰক সামগ্ৰীখিনি।
ইফালে, এই ঘটনাৰ পাছতে আছাদুল ইছলাম নামৰ এজন যুৱকে আৰক্ষীক ৩০ হাজাৰ টকা ঘোচ দি বাহনখন মুকলি কৰি নিবলৈ আহিছিল । উল্লেখযোগ্য যে , কাদেম আলী নামৰ লোকজনেই পঠিয়াইছিল ইছলামক । ঘোচ দিবলৈ অহা আছাদুলকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।





























