অসমৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা জনতা দলৰ ভৱানীপুৰ সমষ্টিৰ বিধায়ক তাৰিণীচৰণ দাসৰ পত্নী কামাখ্যা দাসৰ যোৱা নিশা এক বাজি ১০মিনিটত গুৱাহাটীত মৃত্যু হয়।
তথ্য অনুসৰি প্ৰাক্তন মন্ত্ৰী পত্নী কামাখ্যা দাসে বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰাত কিছু দিন পূৰ্বে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্ত্তি কৰোৱা হৈছিল।
দীৰ্ঘদিন চিকিৎসা সেৱা আগবঢ়োৱা সত্বেও স্বাস্থ্যৰ ভীষণ অৱনতি ঘটাত যোৱা পৰহি তেওঁক গুৱাহাটীৰ পুত্ৰৰ বাস ভৱনলৈ লৈ গৈ চিকিৎসা সেৱা আগবঢ়ায় যদিও যোৱা নিশা মৃত্যু হয়।
উল্লেখযোগ্য যে ১৯২৬ চনত সৰুপেটাৰ ভাৰেগাঁওত জন্ম লাভ কৰা কামাখ্যা দাসে ৭২ নং কহৰা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল যদিও প্ৰাথমিক বিদ্যালয়তে শিক্ষা জীৱনৰ অন্ত পেলাইছিল৷
তেওঁ এগৰাকী ধৰ্মপৰায়ণা মহিলা আছিল। স্বামীৰ মন্ত্ৰীত্বক লৈ কেতিয়াও গৌৰৱবোধ কৰা নাছিল বুলি পৰিয়ালৰ লোকে জানিব দিয়ে। তেওঁ নিজেও বিধায়ক বা মন্ত্ৰীৰ পত্নী হিচাপে পৰিচয় দিয়া নাছিল।
মানুহৰ মাজত থাকি ভাল পোৱা মহিলা গৰাকীয়ে মৃত্যুৰ আগলৈকে কৰ্দ্দৈগুৰিৰ গণকপাৰা গাঁৱৰ মহিলা সকলৰ লগত সময় অতিবাহিত কৰিছিল। এই গৰাকী মহিলাৰ মৃত্যুত গণকপাৰাৰ লগতে ভৱানীপুৰ সমষ্টিৰ বিভিন্ন ঠাইত শোকৰ ছাঁ বিয়পি পৰে।
আজি বিয়লি কামাখ্যা দাসৰ মৃতদেহ কৰ্দ্দৈগুৰি গণকপাৰাৰ নিজ বাসভৱনলৈ আনি অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰে। মন্ত্ৰী পত্নী গৰাকীৰ মৃত্যুত আজি ভৱানীপুৰ সমষ্টিৰ বিভিন্ন অনুস্থান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মৃত্যুৰ সময়ত তেওঁ তিনি গৰাকী পুত্ৰ সন্তান, চাৰি গৰাকী বিবাহিতা কন্যা সন্তানৰ লগতে ৩২ গৰাকী নাতি নাতিনী পোনাতি এই সংসাৰত এৰি থৈ যায়৷





























