সমাজে লেই লেই ছেই ছেই কৰে তেওঁলোকক । তেওঁলোকৰ সকলো কামতেই খুঁত উলিয়াই ঠাট্টা-মস্কৰা কৰে মানুহে । পশ্চিমীয়া অপসংস্কৃতি ধাৰ কৰি অসমীয়া সমাজখন কলুষিত কৰাৰ বদনামৰ ভাগ লৈ জীৱন অতিবাহিত কৰে তেওঁলোকে ।
তেওঁলোক সাধাৰণ সমাজৰ অংশ নহয় । তেওঁলোক ভিন্ন যাৰ বাবে সমাজে তেওঁলোকক আদৰি ল’ব পৰা নাই । সেয়ে ,তেওঁলোকে গঢ়ি লৈছে নিজৰ সমাজ । নিজৰ মতে গঢ়ি লৈছে নীতি নিয়ম । নিজৰ মতেই সজাইছে তেওঁলোকৰ জীৱনৰ প্ৰতিটো দিন ।
অপ্ৰিয় হলেও সত্য যে আমাৰ সমাজখনৰ বাবেই মানসিক ভাৱে কষ্টত আছে তেজ মঙহৰে গঢ়া আমাৰ দৰেই এক শ্ৰেণীৰ লোক ।
উশাহ ল’বলৈ প্ৰতিদিনে সংগ্ৰাম কৰিব লগা হৈছে এইসকল লোকে । কিন্তু তেওঁলোকৰ ভুল ক’ত সেয়া তেওঁলোকেও নাজানে । সাধাৰণ সমাজখনে বিচৰা ধৰণৰ নহয় তেওঁলোক যাৰ বাবেই নেকি তেওঁলোকৰ লগত এই অন্যায় ?’
LGBT community— সমকামী পুৰুষ ,মহিলা , ৰূপান্তৰকামী পুৰুষ-মহিলা,কিন্নৰ এইসকলেই হৈছে সমাজৰ দ্বাৰা উপেক্ষিত লোক । ২১ শতিকাতো সাধাৰণ সমাজখনে এইসকল লোকক আদৰি ল’ব পৰা নাই।
কিন্তু তেওঁলোকো মানুহ । তেওঁলোকৰো অন্যৰ দৰে জীয়াই থকাৰ অধিকাৰ আছে । কিন্তু সেই অধিকাৰ সহজে নাপায় তেওঁলোকে । নিজৰ মানুহবোৰৰ মাজতেই আজি তেওঁলোক অসুৰক্ষিত ।নিৰাপত্তাহীনতা ভোগা এইসকল লোকে সমাজক জনাব বিচাৰে তেওঁলোকৰ বেদনা , মানসিক যন্ত্ৰণা ।
এই উদ্দেশ্যে Guwahati LGBTQ Club য়ে শাৰদীয় দুৰ্গোৎসবৰ মহালয়াৰ দিনটোত তেওঁলোকৰ ক’বলগীয়া খিনি নাট্য ৰূপত উপস্থাপন কৰাৰ ব্যৱস্থা কৰিছে ।
ছয় অক্টোবৰ মহালয়াৰ দিনা পুৱা ছয় বজাত তেওঁলোকে ‘দুৰ্গা সহায়’ নামেৰে এক নাট্যনুষ্ঠানৰ আয়োজন কৰিছে । অনুষ্ঠান সন্দৰ্ভত পৰিচালক ডঃ দেৱব্ৰত শাস্ত্ৰীয়ে কয় – ‘ দুৰ্গা সহায় ‘ ৰ কাহিনীত আমাৰ দৰে মানুহক কিদৰে সমাজে লাঞ্চনা বঞ্চনা কৰিছে সেয়া উপস্থাপন কৰা হ’ব । মহাদেৱৰ এটা ৰূপ হৈছে ‘অৰ্ধনাৰেশ্বৰ’ ।
শিৱ-শক্তি(দুৰ্গা)ৰ এই ৰূপক আমি সকলোৱে পূজা কৰোঁ যদিও আধা নাৰী আধা পুৰুষ হিচাপে জন্ম লোৱা আমাৰ দৰে লোকসকলক মানুহে ঘৃণা কৰে । আমাক লেই লেই ছেই ছেই কৰে ।
যেন আমি নিজে ইচ্ছামতে এনে হৈছোঁ । এই নাট্যনুষ্ঠানৰ জৰিয়তে দেখুৱা হৈছে যে আমাৰ দৰে মানুহে কিদৰে সদায় ঈশ্বৰক প্ৰশ্ন কৰে যে তেওঁলোকক কিয় অন্য সাধাৰণ লোকৰ দৰে জন্ম নিদিলে ?
কিয় তেওঁলোকক সমাজৰ ঘৃণাৰ পাত্ৰ হিচাপে জন্ম দিলে ? জীৱন ৰক্ষাৰ সহায় বিচাৰি যেতিয়া দুৰ্গা দেৱীৰ চৰণত পৰি আমাৰ দৰে লোকে দেৱীকো এই প্ৰশ্ন কৰে তেতিয়া দেৱী দূৰ্গাই আমাক অভয় দান কৰি কয় -তোমালোকৰ মাজতো মই আছোঁ ।
মহাদেৱৰ এটা ৰূপ হৈছে অৰ্ধনাৰেশ্বৰ । যি শিৱ আৰু শক্তিৰ সংমিশ্ৰণ । তোমালোকো অৰ্ধনাৰেশ্বৰ । তোমালোকো সমাজৰ অংশ । তোমালোকক ঘৃণা কৰা মানেই মোকো ঘৃণা কৰা । আৰু তোমালোকক কষ্ট দিয়া মানেই মোকো কষ্ট দিয়া ।
তোমালোকক কৰা অন্যায়ৰ বিচাৰ কৰিবলৈ তোমালোকক শক্তি প্ৰদান কৰিম । এইবুলি দেৱী দূৰ্গাই প্ৰদান কৰে ত্ৰিশূল । ইয়াৰ দ্বাৰা আমিও যে মানুহ , প্ৰত্যেক জীৱৰ মাজত থকাৰ দৰে আমাৰ মাজতো যে ঈশ্বৰ আছে তাকেই আমি সমাজক বুজোঁৱাৰ চেষ্টা কৰিম । নাজানো আমি কিমান সফল হওঁ ।’





























