ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ অব্যাহত ৰখাৰ সময়তে ৰুছ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনৰ জ্যেষ্ঠ কন্যা ডাঃ মাৰিয়া ভ’ৰ’নটছ’ভাৰ বৈবাহিক জীৱনত অঘটন সংঘটিত হ’ল।
৩৬ বছৰীয়া ডাঃ মাৰিয়াৰ স’তে ব্যৱসায়ী স্বামীৰ বিবাহ বিচ্ছেদ সম্পন্ন হ’ল। ৰুছ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, যুদ্ধৰ প্ৰভাৱতে পুটিন কন্যাৰ স’তে বৈবাহিক সম্পর্কৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত ল’লে ডাঃ মাৰিয়াৰ বিদেশী স্বামীয়ে।
উল্লেখ্য যে পুটিনে কে জি বিৰ চোৰাংচোৱা হিচাপে কৰ্মৰত হােৱাৰ সময়তে কন্যা মাৰিয়াৰ জন্ম হৈছিল। বর্তমানে মাৰিয়াই ৰাছিয়াৰ স্বাস্থ্য মন্ত্রণালয়ৰ নেচনেল মেডিকেল ৰিচাৰ্ছ চেণ্টাৰ ফ’ৰ এক্রাইন’ল’জিত মুখ্য গৱেষক হিচাপে কৰ্মৰত।
মাৰিয়াই শিশুৰ মাজত হােৱা অতি বিৰল জেনেটিক ৰােগৰ সন্দৰ্ভত গৱেষণামূলক অধ্যয়ন চলাই আহিছে। হঠাতে পুটিনৰ ইউক্রেইন আক্ৰমণৰ পৰিণতিত নিজৰ বৈবাহিক জীৱন সংকটৰ সন্মুখীন হােৱাত ডাঃ মাৰিয়াই ৰাছিয়াত বিদেশী নাগৰিকৰ বাবে এখন অতি অত্যাধুনিক চিকিৎসালয় মুকলি কৰাৰ পৰিকল্পনা বাতিল কৰিব লগা হ’ল।
ৰাছিয়াই ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পাছৰে পৰা সামাজিক মাধ্যমত ডাঃ মাৰিয়াই বহু লােকৰ কটুক্তি শুনিব লগা হৈছে। নেদাৰলেণ্ডছৰ এজন ধনাঢ্য ব্যৱসায়ীৰ স’তে ডাঃ মাৰিয়াৰ বিবাহ সম্পন্ন হৈছিল। কিন্তু পুটিনৰ ইউক্রেইন আগ্রাসী আচৰণে ডাঃ মাৰিয়াৰ বৈবাহিক জীৱনৰ অৱসান ঘটালে।




































