Horoscope: ৰাশিফল
মেষ : দৈনিক কৰ্মত শুভ আর্থিক ক্ষেত্রত স্বচ্ছলতা আহিব। ব্যৱসায়-বাণিজ্যত শুভ ফল আশা কৰিব পাৰে। আশা কৰা মতে ধর্ম মঞ্চৰ নহ’ব। উচ্চ শিক্ষাত নানান বাধাৰ সম্মুখীন হ’ব। আহত পাতত ৰঙা চন্দনেৰে সানিব।
বৃষ : কৰ্মস্থানত শান্তি বজাই থাকিব। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধিৰ যোগ। শাৰীৰিক দিশত শুভ যদিও দিনৰ শেষৰ ভাগত সৰু-সুৰা বেমাৰে আমনি দিব পাৰে। নতুন কোনো উদ্যোগৰ পৰিকল্পনা কৰিব পাৰে।
মিথুন :চাকৰি ক্ষেত্ৰত উন্নতিত অযথা পলম আৰু বাধা আহিব। ব্যবসায়ী সকলৰ শুভ যদিও কোনো অবাঞ্ছিত লোকৰ কাৰণে ক্ষতি হ’ব পাৰে ৷ পাৰিবাৰিক দিশত কাৰোবাক দায়িত্বপূর্ণ কাম গতাই দিয়াৰ পূৰ্বে সাবধান হ’ব। হাতলৈ অৰ্থ আহিলেও ব্যয়ৰ বাট মুকলি থাকিব।
কর্কট : দৈনন্দিন কর্মত অস্থিৰতাৰ দেখা পাবে। নিবনুৱা জাতক-জাতিকাৰ কর্ম লাভৰ যোগ আছে। আইনি ব্যবসায়ী সকলোৰ বাবে দিনটো শুভ নহ’ব। স্থাবর সম্পত্তি প্রাপ্তির যোগ দেখা যায়। বিবাহৰ ক্ষেত্ৰত ওচৰ- চুবুৰীয়া তথা আত্মীয় শত্ৰুতা কৰিব পাৰে। প্ৰেমত অশান্তি থাকিব।
সিংহ : শাৰিৰীক অসুস্থতাৰ কাৰণে দৈনন্দিন কামত বাধা। অর্থনৈতিক ক্ষেত্ৰত শুভ ফল আশা কৰিব নোৱাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত শত্ৰুৰ পৰা সতর্ক থাকিব। কর্মক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ দেখা যায়। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। গৱেষণা মূলক কামত পতিভার বিকাশ ঘটিব।
কন্যা : দৈনন্দিন কর্মত শুভ চাকৰি ক্ষেত্ৰত সহকৰ্মীৰ লগত মতানৈক্য হোৱাৰ সম্ভাবনা দেখা যায়। আর্থিক আয় উন্নতিৰ বাবে দিনটো শুভ ফল দায়ক হ’ব পাৰিবাৰীক দিশত পিতৃ-মাতৃৰ শৰীৰৰ কাৰণে চিন্তা আৰু অৰ্থব্যয় প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হোৱাৰ সম্ভাৱনা আছে।
তুলা : কর্মক্ষেত্রত অপ্রত্যাশিত ভাবে জামেলা দেখা দিব পাৰে। উপাৰ্জনৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। যানবাহন আছে। কৰ্মসূত্ৰে ভ্ৰমণৰ সুযোগ আহিব পাৰে। বিদ্যাৰ্থীৰ মধ্যম ফল। তুলাৰাশিৰ জাতক-জাতিকাই গুড়ৰ লগত এটুকুৰা কেঁচা হালধীয়া মিহলাই লগাব।
বৃশ্চিক : কর্মক্ষেত্ৰত শান্তি বজাই থাকিব। ব্যবসায়-বাণিজ্যৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব। সৰু-সুৰা দুৰ্ঘটনাৰ ফলত ভৰিত প্ৰবল অর্থাৎ পোৱাৰ সম্ভাৱনা আছে। গতিকে সতর্কতা অবলম্বন কৰিব।
ধনু : চাকৰী ক্ষেত্ৰত ঊর্ধ্বতন কর্তৃপক্ষৰ লগত মতবিৰোধী সম্ভাৱনা। প্ৰেমৰ ক্ষেত্ৰত হতাশা, মনৰ আশা ভংগৰ হ’ব পাৰে। ঘৰুৱা বিষয়লৈ পতি-পত্নীৰ মাজত মতভেদ দেখা দিব পাৰে। ভ্ৰমণৰ যোগ আছে।
মকৰ : কর্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। অর্থভাজ্য স্থিতিশীল নহ’ব। ব্যবসায়-বাণিজ্যত হঠাৎ পৰিবৱর্তন আহিব পাৰে। প্ৰতিযোগিতা মূলক পৰীক্ষাত সাফল্যৰ যোগ বিদ্যার্থীসকলে উচ্চ শিক্ষাত আশানুৰূপ।
কুম্ভ : চাকৰিয়াল ব্যক্তিসকলোৰে পদোন্নতিৰ সম্ভাৱনা আছে। সন্তানৰ বাবে | দিনটো শুভ নহয়। ন্যায্যা প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে। ব্যৱসায়-বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ যোগ। ভ্ৰমণৰ সতৰ্ক হোৱা আৱশ্যক। প্ৰেমত ব্যর্থ হ’ব পাৰে। বিদ্যাৰ্থীৰ বাবে দিনটো মধ্যম ফলদায়ক।
মীন : কর্মক্ষেত্ৰত উন্নতিৰ যোগ। পুলিচি ঝামেলা মামলা মোকদ্দমা আদিৰ যোগ দেখা যায়। সমাজিক ক্ষেতে মানহানিৰ আশংকা, গতিকে চলা ক্ষেত্ৰত সতর্কতা অবলম্বন কৰিব। পিতৃ-মাতৃৰ লগত কিবা বিষয়লৈ মত বিৰোধ হ’ব পাৰে। প্ৰেম আৰু দাম্পত্যত শান্তি বজাই থাকিব।































