IIT Students Protest:
মহানগৰীৰ পাশ্বৱৰ্তী ‘ইণ্ডিয়ান ইন্সটিটিউট অৱ টেকনোলজি’ (আই আই টি) গুৱাহাটীত বুধবাৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে শিক্ষাৰ্থী সকলে। মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিষ্ঠান খনৰ চৌহদত থকা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত মজিয়াত বহি বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে ৷
উল্লেখ্য যে,আইআইটি গুৱাহাটী কৰ্তৃপক্ষই হঠাতে এটা বছৰতে প্ৰতিটো ছেমিষ্টাৰৰ মাচুল বৃদ্ধি কৰে ৯,১০০ টকাকৈ । ইয়াৰ ফলত পূৰ্বৰ ৩৬,৬০০ টকাৰ পৰা বৃদ্ধি পালে ৪৫,৭০০ টকালৈ।
প্ৰতিষ্ঠান খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ অসুবিধাৰ প্ৰতি পিঠি দি একপক্ষীয়ভাৱে মাচুল বৃদ্ধি কৰিছে বুলি অভিযোগ কৰে প্ৰতিবাদী শিক্ষাৰ্থী সকলে ৷ অচিৰেই মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবী কৰে অন্যৰ্থাই শিক্ষাৰ্থীৰ আন্দোলন অব্যাহত থকাৰ হুংকাৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ |






























