Naduar:
এইবাৰ ৰঙাঘৰৰ আলহী হ’ল নদুৱাৰ সমষ্টিৰ চৌকীঘাট পঞ্চায়তৰ এগৰাকী জেষ্ঠ সংখ্যালঘু কংগ্ৰেছী নেতা তথা দিঘলী চাপৰী নিৱাসী আলি আজগড় খান ৷ চৌকীঘাট পঞ্চায়তস্থিত এটি টাইলচ কোম্পানীৰ পৰা ইটা চুৰি কৰি ঘৰত মজুত কৰি থোৱা অৱস্থাত আজগড়ক হাতেলোটে ধৰে টাইলচ কোম্পানীটোৰ কৰ্মচাৰী সকলে ৷ পাচত কোম্পানীৰ এজাহাৰৰ ভিত্তিত কালি নিশা আলি আজগড়ক জামুগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ আজগড় আলিয়ে ইয়াৰ পূৰ্বেও টাইলচ কোম্পানীটোৰ পৰা তেল চুৰি কৰি নিয়াৰো অভিযোগ কৰে কোম্পানীৰ কৰ্মচাৰী সকলে ৷
ADVERTISEMENT


































