Narendra Modi:✒️স্বাধীনতাৰ ৭৮ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে সাউথ ব্লক এৰি নতুন ঠিকনালৈ স্থানান্তৰিত হ’ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়। যোৱা বছৰৰ আগষ্ট মাহতেই এই তথ্য ৰাজহুৱা হৈছিল। চেণ্ট্ৰেল ভিষ্টাৰ প্ৰকল্পৰ অধীনস্থ ‘এক্সিকিউটিভ এনক্লেভ’ত অৱস্থিত নতুন কাৰ্যালয়লৈ সলনি হ’ব প্ৰধানমন্ত্ৰীৰ দপ্তৰ।প্ৰধানমন্ত্ৰীৰ নতুন কাৰ্যালয়ৰ নাম দিয়া হৈছে ‘সেৱাতীৰ্থ’।
সূত্ৰ অনুসাৰে, চলিত মাহৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দপ্তৰত কাৰ্যভাৰ গ্ৰহণ কৰিব পাৰে।ৰাইছিনা হিলৰ ওচৰত অৱস্থিত ‘এক্সিকিউটিভ এনক্লেভ’ত মুঠ তিনিটা ভৱন নিৰ্মাণ কৰা হৈছে। এই সমগ্ৰ কমপ্লেক্সটোৰ নামকৰণ কৰা হৈছে ‘সেৱাতীৰ্থ’।ইয়াৰে ‘সেৱাতীৰ্থ-১’ত থাকিব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়।
আন দুটা ভৱন ‘সেৱাতীৰ্থ-২’ আৰু ‘সেৱাতীৰ্থ-৩’ত ক্ৰমে কেবিনেট সচিবালয় আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ দপ্তৰ স্থাপন কৰা হৈছে।
‘সেৱাতীৰ্থ’ নামকৰণৰ আঁৰত থকা কাৰণ সম্পৰ্কে চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, জনসেৱা আৰু সেৱাৰ চেতনাক প্ৰতিফলিত কৰাৰ লক্ষ্যেই এই নাম নিৰ্বাচন কৰা হৈছে।
ইফালে, সাউথ ব্লক আৰু নৰ্থ ব্লকক মিউজিয়াম বা সংগ্ৰহালয়ত ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ‘যুগ যুগিন ভাৰত সংগ্ৰহালয়’ নামে এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব। এই উদ্দেশ্যে ভাৰতৰ ৰাষ্ট্ৰীয় মিউজিয়াম আৰু ফ্ৰান্সৰ মিউজিয়াম উন্নয়ন সংস্থাৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছে।
এই মিউজিয়ামত ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ লগতে দেশৰ অতীত, বর্তমান আৰু ভৱিষ্যতৰ আকাঙ্ক্ষাৰ এক সামগ্ৰিক ছবি উপস্থাপন কৰা হ’ব।






























