Saraswati Puja Celebration:
শুকুৰবাৰে বিদ্যাৰ অধিষ্ঠাত্রী দেবী সৰস্বতীৰ পূজা। গুৱাহাটী মহানগৰ ৰাজ্যৰ অধিকাংশ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বৃহস্পতিবাৰৰ পৰা সজাই তোলা হৈছিল। কোনে কিমান আকর্ষণীয় ৰূপত নিজৰ শিক্ষানুষ্ঠানখনক সজাই তুলিব পাৰে তাৰো যেন অঘোষিত প্রতিযোগিতাত অৱতীৰ্ণ হৈছিল শিক্ষাৰ্থী সকল । বিদ্যা-বুদ্ধিত পাৰ্গত কৰি তুলিবলৈ শুকুৰবাৰে শিক্ষাৰ্থী সকলে সাজিকাচি নিজ নিজ শিক্ষানুষ্ঠানত উপস্থিত হৈ দেৱীৰ প্ৰতিমাৰ আগত আঁঠু লয় ৷
উল্লেখ্য যে বিদ্যাৰ অধিষ্ঠাত্রী দেবী সৰস্বতীৰ পূজাৰ বাবে বজাৰত সৰস্বতী দেৱীৰ প্ৰতিমা উপচি পৰে। খনিকৰে দীৰ্ঘদিনৰ প্রস্তুতিৰে সজাই তোলা প্রতিমাবোৰৰ আকাৰ ভেদে ভিন ভিন মূল্য ধার্য কৰা হয়। সেই অনুসৰি দুফুট উচ্চতাৰ একোটা প্রতিমাৰ মূল্য ২৫শ টকা ধাৰ্য কৰা হয়। তেনেদৰে দুহেজাৰ, ১৫শ আৰু এহেজাৰ টকা মূল্যৰ প্রতিমাৰেও বৃহস্পতিবাৰে মহানগৰীৰ গণেশগুৰিৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পদপথৰ কাষত ভৰি পৰে। প্ৰতিমাৰ সমান্তৰালকৈ পূজাত ব্যৱহাৰ হোৱা বিভিন্ন উপকৰণো উভৈনদী হৈ পৰে ৷





































