Nomination Filed:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইতিমধ্যে গৰম বতাহ বলিছে ৰাজনীতিৰ ৷ সকলো ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থী সকলে বৃহস্পতিবাৰৰ পৰা দলে- বলে গৈ নিজ নিজ জিলা- সমজিলাৰ ৰিৰ্টানিং বিষয়াৰ ওচৰত নিজা নিজা মনোনয়ন দাখিলৰ পিছত আজি গুৱাহাটী সহ ৰাজ্যৰ কে’বা গৰাকী হাই হেভীয়েট প্ৰাৰ্থীয়ে সোমবাৰে দাখিল কৰিব মনোনয়ন ৷ সকলোতে আজি উথপথপ পৰিবেশ। যোৰহাটত আজি এপিচিচি সভাপতি তথা যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ আজি দাখিল কৰিব মনোনয়ন ৷ পুৱাই গগৈয়ে স্থানীয় গুৰুদ্বাৰত আৰু আন কে’বাটাও মঠ- মন্দিৰতো সেৱা লয় ৷
আনহাতে গোলাঘাটত অগপৰ সভাপতি তথা বোকাঘাতৰ সভাপতি অতুল বৰাই ,লখিমপুৰত স্থানীয় বিজেপি প্ৰাৰ্থী মানৱ ডেকা ,বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী ভূপেন বৰা,ৰঙানদীৰ ঋষিৰাজ হাজৰিকা ,নলবাৰীত বিজেপিৰ জয়ন্ত মল্ল বৰুৱা,পলাশবাৰীত বিজেপিৰ হিমাংশু শেখৰ বৈশ্য,গুৱাহাটীত দিছপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, নিউ গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মা,দিছপুৰৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ,মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা আৰু ডিমৰীয়াৰ অগপ প্ৰাৰ্থী ড:তপন দাসে মনোনয়ন দাখিল কৰিব ৷ গুৱাহাটীত বিজেপি মিত্ৰজোঁটৰ চাৰি গৰাকী প্ৰাৰ্থী সহ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সমবেত হয় প্ৰায় ত্ৰিশ সহস্ৰাধিক বিজেপি সমৰ্থক ৷ ১১-৩০ বজাত চাৰি গৰাকী প্ৰাৰ্থীয়ে খানাপাৰাত উপস্থিত হৈ এখন খোলা বাহনত উঠি বিশাল ৰেলীৰে আগবাঢ়ে হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ ৷ প্ৰাৰ্থী কেইগৰাকীক সংগ দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী মেধি কলিতা আৰু ৰাজ্যিক বিজেপিৰ কে’বা গৰাকী জ্যেষ্ঠ নেতাই ৷ ঢোলেদগৰে আগবাঢ়ি যোৱা সমদলৰ পৰা জিএছ ৰোডৰ দুয়ো কাষে উপস্থিত ৰাইজৰ অভিবাদনো গ্ৰহণ কৰে প্ৰাৰ্থী কেই গৰাকীয়ে । একেদৰে দিছপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে মীৰা বৰঠাকুৰে এখন খোলা জীপত উঠি কে’বা সহস্ৰাধিক সমৰ্থকৰ সহিতে ৰেলীয়ে আগবাঢ়ে হেঙেৰাবাৰীৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ ৷
আনহাতে আজি কলিয়াবৰত মনোনয়ন দাখিল কৰিব অগপৰ কাৰ্যকৰী সভাপতি তথা কলিয়াবৰৰ প্ৰাৰ্থী কেশৱ মহন্তই ৷ মহন্তক সংগ দিয়ে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ এখন খোলা জীপত মহন্ত আৰু মুখ্যমন্ত্ৰীয়ে উঠি প্ৰায় ২০ সহস্ৰাধিক সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজৰে সম জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে আগবাঢ়ে ৷




































