RoadSafety : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মৰণ ফান্দত পৰিণত হোৱা চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰূপ জিলাৰ ডিমৰীয়াত দেওবাৰে নিশা এক ভয়ংকৰ দুৰ্ঘটনাত সাতজন লোকৰ অকাল মৃত্যুৰ ঘটনাই এইবাৰ ৰাইজৰ ধৈৰ্যচ্যুতি ঘটাইছে। ৰহাৰ চাৰিযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত অৱস্থা, উপ-পথসমূহৰ দুৰৱস্থাৰ লগতে স্থানীয় ৰাইজক টোলগেটৰ কৰৰ পৰা ৰেহাইকে ধৰি কে’বাটাও স্পৰ্শকাতৰ আৰু জ্বলন্ত সমস্যা সমাধানৰ দাবীত কালি ৰহাৰ কে ‘বাটাও দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে উলিওৱা এক প্রতিবাদী ধর্ণা কার্যসূচীত উত্তাল হয় ৰহাৰ ৰাজপথ।
পুৱা ১১ বজাৰ পৰা দেবাগুৰিৰ পৰা আৰম্ভ কৰা ধৰ্ণা কাৰ্যসূচীৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হয়। দীর্ঘদিন ধৰি ৰহাত আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে এই বিধ্বস্ত পথ মেৰামতি কৰিবলৈ প্ৰশাসনৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইছএআই)ক দাবী জনাই আহিছিল যদিও কোনো ফল নধৰিল। স্থানীয় বিধায়কৰ উপস্থিতিত যোৱা জুলাইত প্রশাসন, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু দল-সংগঠনসমূহৰ মাজত ইয়াকে লৈ আলোচনা হৈছিল।
সেই নাগৰিক সভাত প্ৰাধিকৰণে আগষ্টৰ প্ৰথম মাহৰ পৰাই পথ মেৰামতি কৰাৰ প্রতিশ্রুতি দিছিল যদিও আজি পর্যন্ত কোনো ব্যৱস্থা নল’লে। যাৰ ফলত কালি ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ দুর্ঘটনাত প্রাণ হেৰুৱালে আঠজন যাত্রীয়ে।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মিছলীয়া আচৰণত জাঙুৰ খাই উঠি আজি নগাঁও জিলাৰ ৰহাত বহা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰহা আঞ্চলিক সমিতি, বহা আঞ্চলিক তিৱা ছাত্ৰ সন্থা আৰু মাছৰ উদ্যোগত সহস্রাধিক ছাত্র-ছাত্রী, স্থানীয় ৰাইজে বৃহৎ প্রতিবাদ সাব্যস্ত কৰে। চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু উপ-পথসমূহ মেৰামতিৰ দাবীত আজি ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন শ্ল’গান সম্বলিত প্লেকার্ড লৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান বৰ্ষণৰে উত্তাল কৰি তোলে ৰহাৰ ৰাজপথ। পৰিস্থিতি অধিক জটিল হৈ পৰাত ঘটনাস্থলীত নগাঁও জিলা আয়ুক্ত দেবাশীষ শর্মা প্রতিবাদস্থলীত উপস্থিত হৈ বিভিন্ন প্রতিশ্রুতি দি প্রতিবাদকাৰীসকলক শান্ত কৰে। আধাঘণ্টা সময় পথ অৱৰোধ কৰাৰ পাছত অৱৰোধস্থলীত উপস্থিত হোৱা নগাঁও জিলা আযুক্তই প্রতিবাদকাৰীসকলে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰ গ্ৰহণ কৰি শীঘ্ৰে এই সমস্যাসমূহ সমাধানৰ আশ্বাস দিয়ে।
আয়ুক্তজনে লগতে ৰাজপথৰ ওপৰতে কালি ক্ষেত্ৰীৰ দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনাৰে এক মিনিট মৌন প্রার্থনা কৰে।
দীর্ঘদিন ধৰি মেৰামতিৰ অভাৱত অতিশয় বিধ্বস্ত হৈ পৰা চাৰিশাৰীযুক্ত ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথৰ পুনৰ নিৰ্মাণৰ প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদাসীনতাই ৰাইজক জ্বলা-কলা খুৱাইছে। অথচ অসম্পূর্ণ বিধ্বস্ত পথতে ইটোৰ পাছত সিটোকৈ টোলগেট স্থাপন কৰি ৰাইজক মাধমাৰ শোধাই আহিছে প্ৰাধিকৰণে।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ পৰিৱৰ্তে ইটোৰ পাছত সিটোকৈ টোলগেট স্থাপনতহে অধিক গুৰুত্ব আৰোপ কৰা বুলি প্রতিবাদকাৰী ৰাইজে ক্ষোভউজাৰে। ইয়াৰ ফলত একাধিক টোলগেটত অত্যধিক টোল আদায় দি ৰাইজ সর্বস্বান্ত হৈছে।
গুৱাহাটী-শিলচৰ আৰু নগাঁও-ডিব্ৰুগড় সংযোগী চাৰিশাৰীযুক্ত অসম্পূর্ণ তথা বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথৰে যাতায়াত কৰি জীয়াতু ভুগিছে ৰাইজে। মেৰামতিৰ অভাৱত ঠায়ে ঠায়ে সৃষ্টি হৈছে প্রকাণ্ড প্রকাণ্ড গাঁতৰ। এই বিধ্বস্ত অংশসমূহত সঘনাই পথ দুর্ঘটনা সংঘটিত হয়।




































