জৰুৱা-বন্দিহানা:দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত বন্দিহানা আৰক্ষী থানাৰ খনিন্দ্র চন্দ্ৰ ৰায় (৫৬) নামৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনে আৰক্ষী নিবাসৰ পৰিত্যক্ত শৌচাগাৰত চীপ লৈ আত্মহত্যা কৰে। জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক ৰায়ে যোৱা তিনি মাহ পূৰ্বে বন্দিহানা আৰক্ষী চকীত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাবে যোগদান কৰিছিল।ভিতৰুৱা ঠাই বন্দিহানাত তেওঁৰ ভাল লগা নাছিল বুলি স্থানীয় গাওঁ পঞ্চায়ত সভাপতিৰ ওচৰত প্ৰায়ে মনৰ ভাৱ ব্যক্ত কৰিছিল।এনেকি তেওঁ চাকৰি এৰি দিব বুলিও কৈছিল।আনহাতে দীৰ্ঘদিন ধৰি তেওঁ ভুগি আছিল মধুমেহ ৰোগত।ইয়াৰ মাজতে নিশা ঘটিল এই ঘটনা। ঘটনা টো পোহৰলৈ আহে আজি পুৱা ৮.৩০বজাত।আৰক্ষী চকীৰ এজন জোৱানে আজি পূৱা শৌচাগাৰলৈ যোৱাৰ সময়ত এই ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰে।




































