টংলাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ তম জন্মোত্সৱৰ সামৰণি
টংলা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি সত্ৰসমূহ আমাৰ অসমীয়া সমাজৰ অভিন্ন অংগ। সত্ৰসমূহ কেৱল অনুষ্ঠান নহয়, সত্ৰসমূহ একো একোখন প্ৰতিস্থান। আজি আমাৰ মাজত সত্ৰসমূহ জীয়াই থকাৰ কাৰণে মহাপুৰুষজনাৰ সৃষ্টিৰাজি জীয়াই থকা সম্ভৱ হৈছে। অসমীয়া ভাষা, সংস্কৃতিক জীয়াই ৰাখিবলৈ মহাপুৰুষ শংকৰদেৱৰ আদৰ্শত প্ৰতিষ্ঠিত সত্ৰসমূহৰ জৰিয়তে তেওঁৰ সৃষ্টিৰাজিৰ চৰ্চা অব্যাহত ৰাখিব লাগিব। এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে । যোৱা ৮ অক্টোবৰৰ ১২ অক্টোবৰলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টংলাস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰত অনুষ্ঠিত হোৱা জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭১ তম জন্মোত্সৱৰ আজি অন্তিম দিনা দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত মুকলি ধৰ্মালোচনী সভাত মূখ্য অতিথিৰূপে তেওঁ এইদৰে গুৰুজনাৰ সৃষ্টি ৰাজিৰ প্ৰসংগত ভাষণ প্ৰদান কৰি আৰু কয় যে, সমাজখনক সুশৃংখল ভাবে চলিবলৈ আমি ভগৱানক সদায় প্ৰথম স্থান দিব লাগিব। আমি যদি ভগৱানক ভয় নকৰিলে অপশক্তিয়ে বিৰাজ কৰিব বুলি মন্তব্য কৰে দৈমাৰীয়ে। বিশিষ্ট সমাজসেৱক শ্ৰীৰাম চন্দ্ৰ ৰাভাই সভাপতিত্ব কৰা আৰু বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সেৱক হৰেন ৰাভাই উদ্ধোধন কৰা উক্ত ধৰ্মালোচনী সভাত আদৰণি ভাষণ প্ৰদান কৰে উদযাপন সমিতিৰ সভাপতি লিখন দাসে।
অগ্ৰদূত বাৰ্তা



































