গাৰ পৰা পূজা যোৱাই নাই একাংশ চৰকাৰী শীৰ্ষ বিষয়াৰ ।দূৰ্গা পূজাৰ উপলক্ষে আমোদ-প্ৰমোদত ব্যস্ত হৈ আছে একাংশ চৰকাৰৰ উচ্চ পদস্থ বিষয়া। আজিও তেওঁলোক অনুপস্থিত কাৰ্য্যালয়ত ।ডজনে ডজনে ৰাজ্য চৰকাৰৰ এই বিষয়া সমূহে কটাইছে পূজাৰ চুটি।এওঁ লোকৰ ভিতৰত আছে প্ৰধান সচিব, যুটীয়া সচিব, উপ সচিব আদি ।অহা ২১ অক্টোবৰৰ পাছৰ পৰা হে তেওঁলোকৰ চুটি শাম কাটিব।জনতা ভৱনৰ একাধিক বিভাগৰ কাম ও হৈ পৰিছে স্থবিৰ ।ইয়াৰ বাবে ভুক্ত ভোগী হবলগীয়া হৈছে সাধাৰণ জনতা।
ADVERTISEMENT



































