মৰিগাঁও: মৰিগাঁও জিলাৰ ভূৰাগাঁৱত আজি এটা বিলুপ্ত প্ৰজাতিৰ কাছ উদ্ধাৰ হয় ৷উল্লেখযোগ্য যে ভূৰাগাঁও থানাৰ অন্তৰ্গত ভকুৱামাৰীত আজি পুৱা ভাগত বিলৰ পৰা বামত উঠি যোৱাৰ অৱস্থাত প্ৰায় ১০ কিল’গ্ৰাম ওজনৰ এটা কাছ স্থানীয় লোকে উদ্ধাৰ কৰে ৷পিছত স্থানীয় ৰাইজে ভূৰাগাঁও আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি কাছটো থানালৈ লৈ যায় আৰু বন বিভাগক খবৰ দি চমজাই দিয়ে ৷
ADVERTISEMENT



































