১৬ গৰাকী কৰ’না আক্ৰান্তৰ আঠ গৰাকী গোলাঘাটৰ
বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছত ৰাজ্যৰ মুঠ ১৬ গৰাকী আক্ৰান্তৰ ভিতৰত আঠ গৰাকী গোলাঘাট জিলাত ধৰা পৰাৰ পাছত জিলাখনত এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে | যাৰ ফলত যোৱা কালি জিলাখনৰ পাঁচখনকৈ গাঁও চীল কৰি দিছিল প্ৰশাসনে | তাৰ মাজতে আজি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটত উপস্থিত হৈ সম্পূৰ্ণ পৰিস্থিতি বুজ লয় | মন্ত্ৰী গৰাকী উপস্থিতি হৈ গোলাঘাট জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰ সৈতে ক’ৰোণা ভাইৰাছৰ সন্দৰ্ভত গোলাঘাট আৱৰ্ত ভৱনৰ সভাকক্ষত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। উক্ত বৈঠকত গোলাঘাট জিলাৰ আঠ জনকৈ লোক কৰ’নাত আক্ৰান্ত হোৱাক কেন্দ্ৰ কৰি অনাগত দিনবোৰত কৰ’না ভাইৰাছৰ সাম্ভাব্য সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা তথা ব্যৱস্থাৱলীৰ বিষয়ে বিষদভাৱে পৰ্য্যালোচনা কৰে। বৈঠকত মন্ত্ৰী অতুল বৰা, পীযুষ হাজৰিকা আৰু খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া আদিয়ে অংশগ্ৰহণ কৰে | ইয়াৰ পাছতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি ইয়াত ভৰ্ত্তি হৈ থকা কোভিড-১৯ ৰোগীৰ স্বাস্থ্যৰ বুজ লয়। লগতে চিকিৎসকসকলৰ সৈতে বাৰ্তালাপ কৰি এই মহামাৰীৰ বিৰুদ্ধে মোকাবিলা কৰাৰ বাবে সামগ্ৰিক প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে।





























