ক’ৰনা আতংক : তামুলপুৰত
সম্প্ৰতি মহামাৰীৰূপে সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা কৰ’না ভাইৰাছত যাতে তামুলপুৰ মহকুমাত সংক্ৰমণ বিয়পাব নোৱাৰে তাৰ বাবে লবলগীয়া সাৱধানতা সন্দৰ্ভত তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয়ত সাংসদ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত মহকুমা প্ৰশাসন স’তে এক বৈঠক অনুষ্ঠিত হয় । প্ৰশাসনে এই বৈঠকত ক’ৰনা ভাইৰাছ প্ৰতিৰোধৰ বাবে যাৱতীয় কেইবাটাও ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহন কৰে । সম্ভাৱ্য পৰিস্থিতি আৰু ভাইৰাছত আক্ৰান্ত লোকৰ সংস্পৰ্শত অহা ব্যক্তিক কোৱাৰেণ্টাইনৰ বাবে মহকুমাতটোত তিনিটাকৈ কোৱাৰেণ্টাইন চেন্টাৰ সাজু কৰি তুলিছে প্ৰশাসনে। তামুলপুৰ ছোৱালী হাইস্কুল , নাগ্ৰীজুলি এশখন বিচনাযুক্ত চিকিৎসালয় আৰু সুৱাগপুৰ যোগেন্দ্ৰ বসুমতাৰী সোঁৱৰণী চিকিৎসালয় কোৱাৰেন্টাইন চেন্টাৰ হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সংশ্লিষ্ট বিভাগে। অন্যহাতে, ল’কডাউনৰ সময়ত যাতে জনতাই খাদ্য সংকটৰ সন্মূখীন নহয় তাৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী মজুত ৰাখিবলৈ তামুলপুৰ মহকুমাৰ অসামৰিক খাদ্য আৰু যোগান বিষয়া গৰাকীক দায়িত্ব প্ৰদান কৰে বৈঠকত। ল’কডাউনৰ সময়চোৱাত অঞ্চলটোৰ আইন শৃংখলা নিশ্চিত কৰিবলৈ আৰক্ষী প্ৰশাসনক ব্যৱস্থা লবলৈ অনুৰোধ জনায় সাংসদজনে । বৈঠকত তামুলপুৰ মহকুমাৰ মহকুমাধিপতি সুজিৎ বাগলাৰী ,মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা , মহকুমা স্বাস্থ্য বিষয়া ডাঃ হৰিমোহন কলিতা আৰু মহকুমা অসামৰিক খাদ্য আৰু যোগান বিষয়া আদি উপস্থিত থাকে । বৈঠকৰ অন্তত সাংসদ দৈমাৰীয়ে সাংবাদিকৰ আগত কয় যে ক’ভিড -১৯ তামুলপুৰ মহকুমাত যাতে সংক্ৰমণ হ’ব নোৱাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে হৈছে আৰু সকলো বিভাগে সহযোগিতা আগবঢ়াইছে। ইপিনে পাঁচ এপ্ৰিলৰ নিশা লাইট বন্ধ কৰি ন বজাৰ পৰা ন মিনিটৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক চাকি- বন্তি জ্বলাবলৈ জনোৱা আহ্বানক সকলোকে ৰূপায়ন কৰি ঐক্যতাৰে কৰ’নাক পৰাস্ত কৰিবলৈ সাংসদ দৈমাৰীয়ে আহ্বান জনায় ।





























