■ ইংৰাজী সাহিত্যৰ প্ৰখ্যাত অধ্যাপক ড০ অমৰেশ দত্ত আৰু নাই ।
■ ১০২ বছৰ বয়সত ডিব্ৰুগড়ত মৃত্যু হয় দেশৰ বিশিষ্ট শিক্ষাবিদগৰাকীৰ ।
■ শ্বেইক্সপীয়েৰ বিশেষজ্ঞ হিচাপে পৰিচিত আছিল ড০ দত্ত ।
■ তেখেত সাহিত্য অকাডেমিৰ ভাৰতীয় সাহিত্যৰ বিশ্বকোষ প্ৰণয়ন সমিতিৰ প্ৰধান সম্পাদক আছিল ।
■ ১৯১৮ চনত জন্ম হৈছিল অমৰেশ দত্তৰ ।
■ মধ্যপ্ৰদেশৰ সাগৰ বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰিছিল অধ্যাপনা ।
■ গুৱাহাটী বিশ্ববিদ্যালয়ত ১৯৬০ৰ পৰা ১৯৮০ লৈ অধ্যাপনা অধ্যয়ন কৰিছিল।
■ শতায়ু অতিক্ৰম কৰাৰ পাছতো তেখেত আছিল সুস্বাস্থ্যৰ গৰাকী ।
■ ড° দত্তৰ প্ৰকাশিত গ্ৰন্থসমূহ হ’ল Captive moments, Time’s Harvest, Shakespeare’s Tragic Vision and Art .
■ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব শেষকৃত্য ।




































